আজিজ আলী

নলবাৰী : ৰাজ্যত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে নিখিল ভাৰত কৃষক সভাই৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ মুকালমুৱাতো নিখিল ভাৰত কৃষক সভাৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে প্ৰৱল প্ৰতিবাদ সাৱ্যস্ত কৰে৷

প্ৰতিবাদকাৰী সকলে মুকালমুৱাৰ মাজমজিয়াৰে এটি প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আচঁনিৰ দুৰ্নীতি সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ স্মাৰক পত্ৰত নিখিল ভাৰত কৃষক সভাই কেইবাটাও দাবী উত্থাপন কৰে।

স্মাৰক পত্ৰত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ দুৰ্নীতিৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা, তদন্তৰ জৰিয়তে চিনাক্ত হোৱা ভুৱা হিতাধিকাৰীৰ নাম ৰাজহুৱা কৰা, দোষী বিষয়াক শাস্তি প্ৰদান কৰা, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আচঁনিত ভুমিহীন কৃষকক অন্তৰ্ভুক্ত কৰা, পঞ্চায়তৰ ৱাৰ্ড ভিত্তিক গাঁও সভাৰ জৰিয়তে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় নিখিল ভাৰত কৃষক সভাই। মহানগৰী গুৱাহাটীতো বাওঁপন্থী দল সমূহে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।