নলবাৰী, ৩ জুনঃ থাকিবলৈ নিজৰ মাটি-ভেটি নাই। আনৰ ঘৰত বাস কৰে পিতৃ-মাতৃৰ লগত। শাৰীৰিক ভাৱে বাধাগ্ৰস্ত পিতৃ। এখন সাধাৰণ চাহ দোকান চলাই পিতৃ-মাতৃক পোহপাল দিয়াৰ লগতে নিজে শিক্ষাগ্ৰহণ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে নলবাৰীৰ বৰমুৰিকোণাৰ মানস ডেকাই। তিনিটা বিষয়ত লেটাৰ নম্বৰ সহ ৮০% নম্বৰ লাভ কৰি দূৰ্ভগীয়া পৰিয়ালটোলৈ মেধাবী ছাত্ৰজনে কঢ়িয়াই আনিছে আনন্দৰ বতৰা। সাধাৰণ চাহৰ দোকান চলাই পৰিয়াল পোহপাল দিয়াৰ লগতে নিজৰ শিক্ষা অব্যাহত ৰখা মানস ডেকাই দৰিদ্ৰতাই যে মেধাৰ বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে তাৰে জলন্ত উদাহৰণ দাঙি ধৰিলে৷ ভৱিষ্যতে এজন প্ৰৱক্তা হোৱাৰ হেঁপাহ এই গৰাকী মেধাৱী ছাত্ৰৰ। কিন্তু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা মানসে এতিয়া ভৱিষ্যৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে আৰ্থিক ক্ষেত্ৰত চিন্তিত৷ কাৰণ উচ্চ শিক্ষাৰ বাবে মানসৰ হাতত নাই ধন।