ওদালগুৰি, ৩ জুনঃ পৃথক বডোলেণ্ডৰ দাবীত ওদালগুৰিৰ ৰৌতাত এবছু, এনডিএফবি আৰু পিজেএচিবিএমৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক বড়ো জনতাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে পৃথক বড়োলেণ্ড শীঘ্ৰে গঠন কৰাৰ দাবীত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে। উল্লেখ্য যে, পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰাৰ দাবীত বিটিএডিত বসবাস কৰা বড়োসকলে দীৰ্ঘদিন ধৰি দাবী জনায় আহিছিল৷ এই সৰ্ন্দভত বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনে বিভিন্ন সময়ত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হৈছিল৷ কিন্তু চৰকাৰে এইসকল লোকক প্ৰতিশ্ৰুতিৰ বাহিৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ স্বাৰ্থত কোনো ধৰণৰ বিহিত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই  বঞ্চনাৰ প্ৰতিবাদত ওদালগুৰিৰ ৰৌতাত এবছু, এনডিএফবি আৰু পিজেএচিবিএমে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক শীঘ্ৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী জনায়৷