প্ৰতিবেদন দাখিলৰ নিৰ্দেশ চক্ৰ বিষয়াৰ 

সোণতলী,২৫ মেঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী গাঁও পঞ্চায়তৰ সমবায় সমিতিত সম্প্ৰতিক এক অৰাজক পৰিস্থিতিয়ে দেখা দিছে৷ সমবায় সমিতিটোৰ অধীনস্থ একাংশ সুলভ মূল্যৰ দোকানীয়ে দৰিদ্ৰ হিতাধিকাৰীক প্ৰতাৰণা কৰি চৰকাৰৰ দ্বাৰা আৱন্টিত নীলা কেৰাচিন তেল ক’লা বজাৰত বিক্ৰী কৰা বুলি অভিযোগ উঠিছে৷ টুক্ৰাপাৰা গাঁৱৰ সুলভ মূল্যৰ দোকানী মনোৱাৰা খাতুনৰ বিৰুদ্ধে শতাধিক হিতাধিকাৰীয়ে হাতে হাতে ৰেচন কাৰ্ডলৈ গৰৈমাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত প্ৰতিবাদ কৰে৷ চক্ৰ বিষয়া দ্বীপ্তি মৰাঙে বঞ্চিত হিতাধিকাৰী সকলক সুলভ মূল্যৰ দোকানীখনৰ গৰাকীৰ বিৰুদ্ধে থকা সকলো দুৰ্নীতিৰ ৰাজহুৱা প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিষয়টো জিলা উপায়ুক্তৰ দৃষ্টি-গোচৰ কৰিব বুলিও বঞ্চিত হিতাধিকাৰীসকলক প্ৰতিশ্ৰুতি দিয়ে৷ উল্লেখ্য যে, দৰিদ্ৰ হিতাধিকাৰী সকলে টুক্ৰাপাৰাৰ সুলভ মূল্যৰ দোকানী মনোৱাৰা খাতুনৰ বিৰুদ্ধে নীলা কেৰাচিন তেল হিতাধিকাৰীক নিদিয়াকৈ ৰেচন কাৰ্ডত দিয়া বুলি লিপিবদ্ধ কৰাৰ অভিযোগ তুলিছে৷ ইয়াৰ পূৰ্বেও সুলভ মূল্যৰ দোকানী গৰাকীয়ে বিভিন্ন দুৰ্নীতিত লিপ্ত থকা বুলিও প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে৷