ৰঙিয়া, ৫ জুনঃ বিশ্ব পৰিবেশ দিৱসৰ দিনটোতে কামৰূপ জিলাৰ ডিআৰডিএ বৃক্ষৰোপন আঁচনি ৰূপায়নৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে, বিগত বৰ্ষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৃক্ষৰোপনৰ এখন অভিলাসী আঁচনি মুকলি কৰিছিল৷ কামৰূপ জিলাৰ ডিআৰডিএৰ অধীনস্থ ব্লকসমূহত এমজিএনৰেগাৰ জৰিয়তে পথৰ দাঁতিত বৃক্ষৰোপন আঁচনি ৰূপায়ন কৰা হৈছিল৷ ৰঙিয়াৰ চেপ্তি-নকুল পঞ্চায়তৰ দীপ্তেশ্বৰীত মুখ্যমন্ত্ৰী সোনোৱালে গছপুলি ৰুই এই আঁচনি মুকলি কৰিছিল৷ এই আঁচনিৰ অধীনত ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কৰিডৰ আমিনগাঁওৰ পৰা ৰঙিয়াৰ উলিয়ানা পৰ্যন্ত গছপুলি ৰোপন কৰা হৈছিল৷ ইয়াৰ লগতে প্ৰতিটো পঞ্চায়তৰ একোটাকৈ পথৰ দাঁতিত বৃক্ষৰোপন কৰা হৈছিল৷ আঁচনিৰ অধীনত এটা গছপুলিৰ নামত ব্যয় কৰা হৈছিল ৭৫০ টকা৷ সেই অনুসৰি কেবাকোটি টকাৰ ব্যয় সাপেক্ষে এই আঁচনি ৰূপায়ন কৰা হৈছিল৷ কিন্তু অতি পৰিতাপৰ কথা যে আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা এই আঁচনিৰ অস্তিত্বই বিচাৰি পোৱা নগ’ল৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ, বৈদ্যগড় পঞ্চায়ত, জয়ন্তীপুৰ পঞ্চায়ত, পদুমকুঁৱৰী পঞ্চায়তকে ধৰি কোনো এটা পঞ্চায়তত গছপুলি ৰোপনৰ দৃশ্য পৰিলক্ষিত নহ’ল৷ আঁচনিৰ অধীনস্থ কিছুমান এনজিঅ’ৰ জৰিয়তে আঁচনিখন ৰূপায়নৰ কথা জানিব পৰা গৈছিল যদিও বাস্তৱত ইয়াৰ বিপৰীত দৃশ্যহে পৰিলক্ষিত হ’ল৷ অভিযোগ অনুসৰি, কামৰূপ জিলাৰ ডিআৰডিএ বৃক্ষৰোপন আঁচনি ৰূপায়নৰ নামত একোটা সৰু বনৰীয়া গছপুলি ৰোপনৰ মাজতে বিশ্ব পৰিবেশ দিৱসৰ দ্বায়িত্ব সীমাবদ্ধ ৰখা হ’ল৷ কামৰূপ জিলাৰ ডিআৰডিএ বৃক্ষৰোপন আঁচনি ৰূপায়নৰ নামত সংঘটিত এই বৃহৎ কেলেংকাৰীৰ উচিত তদন্তৰ দাবী কৰিছে স্থানীয় লোকৰ লগতে বিভিন্ন দল-সংগঠনে৷