লংকা, ৫জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ কৃতি শিক্ষাৰ্থীক এক্সপাৰ্ট কম্পিউটাৰ নামৰ প্ৰতিষ্ঠানটোৱে সম্বর্ধনা জনায়৷ দুয়োটা পৰীক্ষাৰ ফলাফলত লংকাৰ বিভিন্নখন শিক্ষানুষ্ঠানৰ পৰা ডিষ্টিংছন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২১ গৰাকী শিক্ষাৰ্থীক এক্সপাৰ্ট কম্পিউটাৰে একোখনকৈ মানপত্ৰ আৰু বঁটা প্ৰদান কৰি সম্বর্ধনা জনায়। উক্ত সম্বর্ধনা অনুষ্ঠানত এক্সপাৰ্ট কম্পিউটাৰৰ স্বত্বাধিকাৰী আব্দুল বশ্বৰ, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ঘোষাল, কেইবাখনো কলেজৰ অধ্যাপক-অধ্যাপিকা, অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ লগতে শতাধিক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উপস্থিত বক্তা সকলে ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰী সকলৰ উৎসাহ বৃদ্ধি কৰে৷ উল্লেখ্য যে, এক্সপাৰ্ট কম্পিউটাৰ নামৰ প্ৰতিষ্ঠানটোৱে সুদীৰ্ঘ ১৩ বছৰ ধৰি লংকাৰ লগতে কাৰ্বি আংলং, ডিমাহাচাও আদি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে নিৱনুৱা যুৱক-যুৱতীসকলক কম্পিউটাৰ শিক্ষা প্ৰদান কৰি আহিছে৷