জনীয়া, সংবাদ ৩৬৫, ২৭ আগষ্ট : বৰপেটা জিলাৰ জনীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চৰ সমূহত বাস কৰা লোকসকল এক প্ৰকাৰ জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰি আহিছে। এই লোকসকলে নদীৰ ঘোলা পানী পান কৰি বচাই আছে নিজৰ প্ৰাণ। চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নাপায় চৰ সমূহত।

কাউৰঝাহি গাঁওৰ লগতে মোৱামাৰী, গলিয়া, সুঁতিৰ পাথাৰ আদিৰ উপৰি আন আন চৰাঞ্চলতো একেই অৱস্থা। এই গাঁও সমূহত গঞাই বেকী নদীৰ পৰা ঘোলা পানী আনি পান কৰে। যাৰ ফলত বিভিন্ন সময়ত দেখা দিয়ে বেমাৰ আজাৰে।

এই ক্ষেত্ৰত বান পানীৰ সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগে টিউবল যোগান ধৰিছিল যদিও সেই টিউবল এই গাঁও খনত পোৱা নাই বুলি অভিযোগ ৰাইজৰ। এই ক্ষেত্ৰত অতি সোনকালে বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ দাবী উত্থাপন কৰিছে।