জাগীৰোড, সংবাদ ৩৬৫, ২৭ আগষ্ট : গ্ৰামাঞ্চলৰ মহিলা সকলক বিভিন্ন আঁচনিৰ জৰিয়তে স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে কাম কৰি অহা ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নীধি আৰু ক্ৰিচেল ফাউণ্ডেচন নামৰ সংস্থা দুটাই এইবাৰ আগবঢ়াইছে বান সাহাৰ্য ৷

চলিত বৰ্ষত বানে জুৰুলা কৰা জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰদিয়া, দৈপড়া, বালিমাৰা আদি বিভিন্ন অঞ্চলৰ ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে অঞ্চল সমূহত উপস্থিত হয় ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নীধি আৰু ক্ৰিচিল ফাউণ্ডেচনৰ কৰ্মকৰ্তা সকল ৷ কেইবাটাও অঞ্চলৰ প্ৰায় ৪০০ পৰিয়ালক বেচৰকাৰী সংস্থা দুটাই বিতৰন কৰে বিভিন্ন সা-সামগ্ৰী ৷

বানে সৰ্বস্ব নষ্ট কৰি যোৱাৰ পিছত এইসকল বানাক্ৰান্তক বাল্টি, মগ, তিৰপাল, শিশুৰ খাদ্য, খোৱাপানী, মম, ফিনাইল, আঠুৱা আদি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰন কৰে সংস্থা দুটাই ৷ উক্ত সাহাৰ্য বিতৰন অনুষ্ঠানত ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নীধিৰ উপ নিৰ্দেশক অনিতা দত্ত, পৰিযোজনা প্ৰৱন্ধক সংযুক্তা কাশ্যপ, ক্ৰিচিলৰ প্ৰৱন্ধক দুলন বৰুৱা, এম এন ই বিষয়া অংশুমান চৌধুৰী, সহঃ নিৰ্দেশক জয়দ্বীপ দাস, উপ নিৰ্দেশক উৎপল দত্ত আদি কেইবাগৰাকী বিষয়া উপস্থিত থাকে ৷