গুৱাহাটী, সংবাদ ৩৬৫, ২৭ আগষ্ট : ১৯৫৭ চনতে অসমীয়া ভাষাত প্ৰথমবাৰৰ বাবে লিখি উলিওৱা এখন ফুটবলৰ নিয়মাৱলী । সেই নিয়মীয়াৱলী অনুসৰি এতিয়াও চলি আছে অসমৰ ফুটবল খেল।এই নিয়মাৱলীখন লিখিছিল গুৱাহাটী মহানগৰীৰ এজন বিশিষ্ট ক্ৰীড়াবিদ নগেন্দ্ৰ চন্দ্ৰ বৰ্মণ । অসমৰ খেলৰ পৃথিৱীখনলৈ অনবদ্য আগবঢ়োৱা এজন ব্যক্তি নগেন্দ্ৰ চন্দ্ৰ বৰ্মণ। ফুটবলৰ উপৰিও ক্ৰিকেট, কেৰম ,ভলীবল লগতে ভলীবলৰ ইংৰাজী নিয়মীয়াৱলীও লিখি উলিয়াইছিল বৰ্মণে ।

ফুটবলৰ লগত সৰুৰে পৰা জড়িত হৈ আহিছিল নগেন চন্দ্ৰ বৰ্মন । ইয়াৰোপৰি তেওঁ এগৰাকী সুদক্ষ খেলুৱৈ, ফুটবলৰ নিয়মাৱলীৰ অসমীয়া অনুবাদকাৰী, ৰেফাৰী আৰু ক্ৰীড়া সংগঠকো ৷ ১৯৬০ চনতে অসমত ‘হিন্দু – মুছলিম ক্লাৱ’ নামৰ ফুটবল দলটোৰ অধিনায়ক আছিল নগেন্দ্ৰ চন্দ্ৰ বৰ্মণ ৷ ধৰ্মৰ নামত উন্মাদ নহৈ সকলোকে মিলাপ্ৰীতিৰে থাকিবলৈ আহ্বান জনাই আহিছিল বৰ্মনে আৰু একতা , ভাতৃত্ববোধ চিৰ যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই ক্লাৱটোৱে কাম কৰাৰ লগতে খেলৰ সমান্তৰালভাৱে সামাজিক সেৱাও আগবঢ়াইছিল ৷

পিছে বৰ্তমানৰ ক্ৰীড়াজগতক লৈ তীব্ৰ ক্ষোভ বৰ্মণৰ । তেখেতৰ মন্তব্য “চৰকাৰে নতুন প্ৰজন্মৰ ক্ৰীড়াৰ বাবে কোনো বিশেষ ব্যৱস্থা লোৱা নাই । গুৱাহাটীত ৫ ছেপ্তেম্বৰত ভাৰত – ওমানৰ মাজত অনুষ্ঠিত হ’ব লগা ফিফাৰ যোগ্যতা অৰ্জনকাৰী মেচ অসমৰ ক্ৰীড়াৰ বাবে এক আশাৰ বতৰা” ।

গুৱাহাটী ৰেফাৰী সন্থাৰ সাধাৰণ সম্পাদক আখতাৰ হুছেইনে বৰ্মণৰ সন্দৰ্ভত মন্তব্য কৰে যে এই গৰাকী ক্ৰীড়াবিদে কিতাপ পঢ়িয়ে ক্ৰীড়া জগতলৈ সেৱা আগবঢ়াই আহিছে ।