আজিজ আলী

মুকালমুৱা : নলবাৰী জিলাৰ মধুপুৰ গাঁৱৰ বড়ো চুবুৰিত বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটুমনি শৰ্মাৰ নেতৃত্বত আৰু নলবাৰী জিলা আবকাৰী বিভাগৰ সহযোগত চুলাই মদৰ ঘাটী উৎখাত। আৰক্ষীৰ এই অভিযানত উক্ত চুবুৰিটোতৰ গৌতম বড়োৰ ঘৰৰ পৰা প্ৰায়া হাজাৰ লিটাৰ চুলাই মদ বিনষ্ট কৰা হয়।

নালবাৰী জিলাৰ মধুপুৰ গাঁৱৰ বড়ো চুবৰীটোত বহু বছৰ পূৰ্বৰে পৰা একাংশ লোকে ঘৰতে অবৈধভাৱে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। সেয়েহে বেলশৰ আৰক্ষী থানাই মঙলবাৰে হঠাৎ চুলাই মদ বিৰোধী অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে প্ৰায়া হাজাৰ লিটাৰ চুলাই মদ বিনষ্ট কৰাৰ লগতে বহু সংখ্যক পেকিং কৰি থৈ দিয়া মদৰ বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লিটুমনি শৰ্মাই জানিবলৈ দিয়ে যে বেলশৰ থানাৰ এলেকাত এনেকুৱা ধৰনৰ কোনো অবৈধ চুলাই মদৰ ব্যৱসায় চলি থাকিবলৈ দিয়া নহ’ব। চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান অনাগত দিনটো অব্যাহত থাকিব বুলিও আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।