গুৱাহাটী :  ভাৰতৰ আগশাৰীৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ভিতৰত অন্যতম, বেংক অফ বৰোদাই ঘোষণা কৰিছে যে বৰোদা চেণ্ট্ৰেল ফোৰ্চেছ ছেলাৰী পেকেজ প্ৰদান কৰিবৰ বাবে ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী অসম ৰাইফলছৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিখনৰ অধীনত, বেংক অফ বৰোদাই অসম ৰাইফলছত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত উভয় শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে বৰোদা চেণ্ট্ৰেল ফোৰ্চেছ ছেলাৰী পেকেজ আগবঢ়াব। তাৰোপৰি, বেংকটোৱে কেতবোৰ বিশেষ লাভালাভো প্ৰদান কৰিব, তাৰ ভিতৰত আছে ব্যক্তিগত দুৰ্ঘটনা বীমা আৰু এখন কো-ব্ৰেণ্ডেড  ক্ৰেডিট কাৰ্ড।

বেংক আৰু অসম ৰাইফলছৰ মাজৰ এই বুজাবুজিৰ চুক্তিখনৰ স্বাক্ষৰকৰ্তাসকল হৈছে কৰ্ণেল পি এছ সিং, কৰ্ণেল প্ৰশাসন, মুখ্য কাৰ্যালয়, মহা সঞ্চালকালয়,  অসম ৰাইফলছ আৰু দেৱব্ৰত দাস, আঞ্চলিক প্ৰৱন্ধক, পূৱ প্ৰান্ত, বেংক অফ বৰোদা। অসম ৰাইফলছৰ বাবে আগবঢ়োৱা বৰোদা চেণ্ট্ৰেল ফোৰ্চেছ ছেলাৰী পেকেজৰ লাভালাভসমূহ ভিতৰত আছে ব্যক্তিগত দুৰ্ঘটনা।মৃত্যুৰ ক্ষেত্ৰত, অসম ৰাইফলছৰ ১৮ বছৰৰ পৰা ৭০ বছৰ বয়সৰ কৰ্মৰত তথা অসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক বীমাৰ জৰিয়তে সামৰি লোৱা হ’ব। কৰ্তব্যৰত অৱস্থাত থকা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত, ব্যক্তিগত দুৰ্ঘটনা বীমাৰাশিৰ পৰিমাণ হ’ব  ৪৩.৭৫ লাখ টকা আৰু কৰ্তব্যৰতঅৱস্থাত নথকা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত ব্যক্তিগত দুৰ্ঘটনা বীমাৰাশিৰ পৰিমাণ হ’ব ৩৫ লাখ টকা।

এই উপলক্ষ্যে মন্তব্য আগবঢ়াই বেংক অফ বৰোদাৰ মুখ্য প্ৰতিৰক্ষা বেংকিং উপদেষ্টা পিভিএছএম, ভিএছএম (অৱসৰপ্ৰাপ্ত) লেঃ জেনেৰেল ৰণবীৰ সিং চালাৰিয়াই কয়, “অসম ৰাইফলছৰ বাবে সেৱা আগবঢ়াবলৈ সুবিধা পোৱাৰ লগতে তেওঁলোকৰ বাবে সৰ্বোত্তম বেংকিং সেৱা প্ৰদান কৰিবলৈ পাই বেংক অফ বৰোদাত আমি অতি সন্মানিত বোধ কৰিছোঁ। এই বেংকে বিশেষভাৱে প্ৰস্তুত কৰা বৰোদা চেণ্ট্ৰেল ফোৰ্চেছ ছেলাৰী পেকেজটো আমাৰ সকলো ৰাষ্ট্ৰীয় বীৰ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ বেংকমূলক প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাত সহায় কৰিবৰ বাবে ডিজাইন কৰা হৈছে।”

এই বুজাবুজি চুক্তিখনৰ অংশ হিচাপে, বেংক অফ বৰোদাই সেৱাসমূহৰ এক বিস্তৃত ভাণ্ডাৰ আগবঢ়াব, তাৰ ভিতৰত আছে সকলো বেংক এটিএমতে নিঃশুল্ক সীমাহীন লেনদেনৰ সুবিধা, নিঃশুল্ক ধন প্ৰেৰণৰ সুবিধা, অনলাইন বা বেংকৰ জৰিয়তে এনইএফটি/আৰটিজিএছ, বিনামূলীয়া ডেবিট কাৰ্ড, নিঃশুল্ক সীমাহীন ডিমাণ্ড ড্ৰাফ্টৰ সুবিধা, লকাৰৰ ভাড়াৰ ওপৰত ৫০ শতাংশ ৰেহাই, ডিমেট বাৰ্ষিক তত্বাৱধান মাচুলৰ ওপৰত ১০০ শতাংশ ৰেহাই আৰু গিফ্ট তথা ট্ৰেভেল কাৰ্ডবোৰৰ ক্ষেত্ৰত জাৰিকৰণ মাচুলৰ ওপৰত ৭৫ শতাংশ ৰেহাই।