গুৱাহাটী : ড্রাগছৰ পৰা অসমখনক মুক্ত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে “ড্রাগছ ফ্রি অসম” নামেৰে এটা ‘এপ’ মুকলি কৰিছে। এই ‘এপ’ৰ সহায়ত ৰাজ্যৰ জনসাধাৰণে ড্রাগছৰ বিক্ৰী, সৰবৰাহ, মজুতকৰণ, সেৱন আদিৰ বিষয়ে অসম আৰক্ষীক অৱগত কৰিব পাৰিব আৰু আৰক্ষীয়ে এনে তথ্য লাভ কৰাৰ লগে লগে তাৎক্ষণিকভাৱে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে ৰাষ্ট্ৰীয় তথ্য কেন্দ্রৰ সহযােগত এই ‘এপ’টো প্রস্তুত কৰি উলিয়াইছে। আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰ জ্যোতি মহন্তই শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ আয়ােজিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ড্রাগছ আইন প্রয়ােগকাৰী সংস্থাসমূহ, উত্তৰ পূৱত নিয়ােজিত কেন্দ্রীয় অর্ধ-সামৰিক বাহিনীসমূহ, কেন্দ্রীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয় আৰু শুল্ক বিভাগৰ বিষয়াসকলৰ এক প্রশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত এই ‘এপ’টো আনুষ্ঠানিকভাৱে মুকলি কৰে।

আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে ‘এপ’টো দেশৰ প্ৰতিৰক্ষা বাহিনীৰ সদ্যপ্রয়াত প্রধান বিপিন ৰাৱাটৰ নামত উচৰ্গা কৰা বুলি উল্লেখ কৰি কয় যে প্রয়াত প্রধানগৰাকীয়ে যােৱা ২৩ অক্টোবৰত অসম আৰক্ষীয়ে আয়ােজন কৰা “বিকান্ত সিং সোঁৱৰণী বক্তৃতানুষ্ঠানত অংশগ্রহণ কৰাৰ উপৰি সন্ধিয়া “অসম পুলিচ ৱাৰ এগেইনষ্ট ড্ৰাগছ” শীর্ষক এখন পুথি উন্মােচন কৰি ড্ৰাগছৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বাৰে অসম আৰক্ষীক ভূয়সী প্রশংসা কৰিছিল আৰু ড্রাছবিৰােধী অভিযান তীব্রতাৰে চলাই যাবলৈ আহ্বান জনাইছিল। গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে কেন্দ্রীয় চৰকাৰৰ “নার্কটি কন্ট্রল ব্যুৰ”ৰ সহযােগত অনুষ্ঠিত কৰা এই প্রশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী ভাষণত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰ জ্যোতি মহন্তই ম্যানমাৰ আৰু “গােল্ডেন ট্রাই-এংগলৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ মাজেদি হৈ থকা ড্ৰাগছৰ সৰবৰাহৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যখনত ড্ৰাগছৰ যােগান আৰু চাহিদা যাতে হ্রাস পায় তাৰ বাৰে অসম আৰক্ষীয়ে সুপৰিকল্পিতভাৱে কাৰ্যপন্থা অব্যাহত ৰাখিছে।

তেওঁ কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ শাসনলৈ অহাৰ পিছত অসম আৰক্ষীয়ে এনডিপিএছ এক্টৰ অধীনত ১৭০০ গােচৰ ৰুজু কৰাৰ লগতে ২৯০০ অপৰাধীক কৰায়ত্ত কৰিছে আৰু প্রায় ৩২৫ কোটি টকা বজাৰ মূল্যৰ নিচাযুক্ত দ্ৰৱ জব্দ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ৫০ কেজি হিৰ’ইন আৰু ৩৭ কেজি অপিয়ামমা আছে। তদুপৰি ১৩৩ খন বাহনাে জব্দ কৰা হৈছে। শুকুৰবাৰে মুকলি কৰা “ড্রাগছ ফ্রি অসম” ‘এপ’টোৰ জড়িয়তে অসম আৰক্ষীৰ ড্ৰাগছবিৰােধী অভিযান অধিক শক্তিশালী হ’ব বুলি মন্তব্য কৰি আৰক্ষী সঞ্চালকপ্রধান গৰাকীয়ে এইক্ষেত্ৰত ৰাইজৰ সহযােগিতা কামনা কৰে। এনচিবিৰ সঞ্চালকপ্ৰধান এছ এন প্রধানে তেওঁৰ ভাষণত এই প্রশিক্ষণ কাৰ্যসূচী আয়ােজন কৰাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে আৰু এনচিবিৰ আঞ্চলিক কার্যালয়ে উত্তৰ পূৰ্বৰ ৰাজ্য সমূহৰ লগতে কেন্দ্রীয় অর্ধ-সামৰিক বাহিনীসমূহৰ সৈতে ড্ৰাগছৰ ব্যৱসায় আৰু সৰবৰাহ ৰােধ কৰাৰ ক্ষেত্ৰত একেলগে ঘনিষ্ঠভাৱে কাম কৰি যাব বুলি উল্লেখ কৰে।

এনচিবিৰ সঞ্চালকপ্রধান গৰাকীয়ে অপৰাধ অনুসন্ধান বিভাগে প্রকাশ কৰি উলিওৱা ‘হেণ্ডবুক ফৰ ইনভেষ্টিগেটিং অফিচাৰছ অফ এনডিপিএছ এক্ট কেইছেছ’ শীর্ষক এখনি হাতপুথিও উন্মােচন কৰে।
বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিং, বিশেষ আৰক্ষী সঞ্চালকপ্রধান (প্রশিক্ষণ আৰু সশস্ত্র শাখা) ডাঃ এল আৰ বিষ্ণই, এনচিবিৰ উপ-সঞ্চালকপ্ৰধান মণিকা বাট্রা আৰু অন্যান্য বিষয়াসকলাে উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় অপৰাধ অনুসন্ধান বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান এ ৱাই ভি কৃষ্ণাই। অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান গৰাকীয়ে ‘ডার্ক নেট’ আৰু “ক্রিপ্টোকাৰেন্সি’ৰ ব্যৱহাৰৰ যােগেদি হােৱা অনলাইন ড্রাগছ ব্যৱসায়ে আইন প্রয়ােগকাৰী সংস্থাসমূহৰ সমুখত এক বৃহৎ প্রত্যাহ্বানৰ সৃষ্টি কৰা বুলি মন্তব্য কৰে। এই প্রশিক্ষণ কাৰ্যসূচীয়ে ডিজিটেল ফৰেনছিছ, ডার্ক নেট, ক্রিপ্টোকাৰেন্সি আদিৰ বিষয়ে বিশদভাৱে বুজি উঠাত আইন প্রয়ােগকাৰী সংস্থাসমূহক যথেষ্ঠখিনি সহায় কৰিব বুলিও তেওঁ উল্লেখ কৰে।