বকো : ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পথাৰৰ ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে। বনৰীয়া হাতীৰ জাকৰ পৰা পথাৰৰ ধান ৰক্ষা কৰিবলৈ যোৱা মানুহক বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণ। এফালৰ পৰা মানুহক খেদি খেদি আক্ৰমণ চলালে বনৰীয়া হাতীৰ জাকটো। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত এজন লোক।

কামৰূপ আৰু গোৱালপাৰা জিলাত দিনক দিনে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী আৰু মানুহৰ সংঘাত। দুদিন পূৰ্বে গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত দেউলগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল দুজনকৈ লোক। পথাৰত ধান কাটি থকা অৱস্থাত বনৰীয়া হাতীৰ এটা জাকৰ আক্ৰমণত নিহত হৈছিল যামিনী খাখলাৰী আৰু মোহিনী মোহন বাসুমতাৰী নামৰ দুজন লোক।

এইবাৰ বকোৰ বন্দাপাৰাত পথাৰত ধান কাটি থকা অৱস্থাত একাংশ লোকক বনৰীয়া হাতীয়ে আক্ৰমণ চলায়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পুৱাৰ ভাগত একাংশ লোকে পথাৰত ধান কাটি থকা অৱস্থাত বনৰীয়া হাতীৰ এটা জাক পথাৰত ধান খাই থকা প্ৰত্যক্ষ কৰি ধান কাটি থকা লোক সকলে বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ যায়। হাতীৰ জাকটোৱে লোক সকলক আক্ৰমণৰ কৰাত সঞ্জয় দাস নামৰ এজন লোক গুৰুত্বৰভাৱে আহত হয়।

বনৰীয়া হাতীৰ আক্ৰমণত সঞ্জয় দাসৰ বুকুৰ হাড় ভাঙি যোৱা বুলি জানিব পৰা গৈছে। গুৰুত্বৰভাৱে আহত সঞ্জয় দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে কামৰূপ আৰু গোৱালপাৰা জিলাৰ মেঘালয় সীমান্তৱৰ্তী গাঁও সমূহত বিগত কিছুদিন ধৰি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।