আমিনগাঁও : কামৰূপ জিলাৰ পলাশবাৰীত গুলী চালনা। গুলী লাগিল কুখ্যাত চোৰ নেকিবৰ ৰহমানৰ ভৰিত। কামৰূপ আৰক্ষীৰ গুলী চালনাত গুলীবিদ্ধ হয় চুৰিৰ লগতে বিভিন্ন অপৰাধৰ লগত জড়িত নেকিবৰ ৰহমান। আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলাইছিল কুখ্যাত চোৰ নেকিবৰ ৰহমান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন চোৰ নেকিবৰ ৰহমান। 

কামৰূপ আৰক্ষীয়ে আটক কৰাৰ পিছত কুখ্যাত চোৰ নেকিবৰ ৰহমানক লগত লৈ পলাশবাৰীৰ দখলাত অভিযান চলাই থকা সময়ত নেকিবৰ ৰহমানে আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলায়। কামৰূপ আৰক্ষী বাধ্য হৈ নেকিবৰ ৰহমানৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰাত গুৰুতৰভাৱে আহত হয় নেকিবৰ ৰহমান।

আৰক্ষীৰ গুলীত আহত কুখ্যাত চোৰ নেকিবৰ ৰহমানক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে বুলি কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়য়ে জানিবলৈ দিয়ে। কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে লগতে কয় যে নেকিবৰ অসম আৰক্ষীৰ ম’ষ্ট ৱান্টেড তালিকাত আছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেকিবৰ ৰহমানৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হৈ আছে।

গাড়ী চুৰি, ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি, গৰু চুৰিৰ লগত জড়িত নেকিবৰ ৰহমান অসম আৰক্ষী বাবে মূৰৰ কামোৰণি হৈ পৰিছিল। দুধনৈ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/৪১৩/৪৬৮/৪৭৬/৩৭৯/৪১১ ধাৰাত ৬৫/২০২১ নম্বৰতো নেকিবৰ ৰহমানৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে। নেকিবৰ ৰহমানৰ কবলৰ পৰা কেইবাখনো চুৰিৰ মটৰ চাইকেলসহ ৯ টাকৈ চুৰিৰ গৰু জব্দ কৰে কামৰূপ আৰক্ষীয়ে।