গুৱাহাটী : গড়চুক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন। মহানগৰীৰ আইএছবিটিৰ পৰা পুনৰ গড়চুক আৰক্ষীয়ে জব্দ কৰিলে হেৰ’ইন। গ্ৰেপ্তাৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী।

ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত জব্দ হৈ আছে ড্ৰাগছ। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানকালত ইতিমধ্যে জালত পৰিছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী।

এইক্ষেত্ৰত মহানগৰ আৰক্ষীও কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। মহানগৰীৰ আইএছবিটিত গড়চুক আৰক্ষীয়ে অভিযান চলাই কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ জালত পেলাবলৈ সক্ষম হৈছে। মঙলবাৰে নিশা পুনৰ গড়চুক আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাইছে।

এক গোপন খবৰৰ ভিত্তিত নিশা গড়চুক আৰক্ষীয়ে আইএছবিটিত অভিযান চলাই ১২ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। কদম আলী নামৰ এজন যুৱকে মানকাচৰলৈ হেৰ’ইনখিনি সৰবৰাহৰ চেষ্টা চলাওঁতে গড়চুক আৰক্ষীয়ে তালাচী চলাই হেৰ’ইনখিনি জব্দ কৰে।

আৰক্ষীয়ে হেৰ’ইনখিনি জব্দ কৰি কদম আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিছে। গড়চুক আৰক্ষীয়ে অধিক তথ্যৰ বাবে কদম আলীক জেৰা অব্যাহত ৰাখিছে। কদম আলী দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ বাসিন্ধা বুলি জানিব পৰা গৈছে।