কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বোকাখাত আৰক্ষীৰ গুলী চালনা। এজন চোৰাং চিকাৰীক লক্ষ্য কৰি গুলী চালনা কৰিলে বোকাখাত আৰক্ষীয়ে। আৰক্ষীৰ বন্দুক কাঢ়ি পলায়নৰ চেষ্টা চিলাইছিল চোৰাং চিকাৰীজন। গুলীবিদ্ধ চোৰাং চিকাৰীজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

অপৰাধীক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলী চালনাৰ ঘটনাকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। ইতিমধ্যে অসম আৰক্ষীৰ লগতে ৰাজ্য চৰকাৰখন দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে সঘনাই অপৰাধীক লক্ষ্য কৰি গুলী চালনা কৰাকলৈ। এই সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছে কংগ্ৰেছ দল।

বিশেষকৈ নগাঁৱৰ ঘটনাকলৈ অসম আৰক্ষীৰ আৰু চৰকাৰক বিভিন্ন দল-সংগঠনে সমালোচনা কৰি অসমত জংঘলৰাজ চলি থকা বুলি মন্তব্য কৰিছে। ইয়াৰ মাজতো অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা অব্যাহত আছে। নগাঁৱৰ ঘটনাৰ পিছতে কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত হৈছিল এজন গাঞ্জা সৰবৰাহকাৰী। ড্ৰাগছ মাফিয়া আৰু অন্য অপৰাধীৰ পিছত এইবাৰ চোৰাং চিকাৰী গুলীবিদ্ধ হ’ল আৰক্ষীৰ গুলীত।

জানিব পৰা মতে ২০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰ হৈছিল এটা গঁড়ৰ মৃতদেহ। গঁড়টোক চোৰাং চিকাৰীয়ে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল। ঘটনাৰ তদন্ত চলাই ২৩ জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল এজন চোৰাং চিকাৰীক। ঘটনাৰ অনুসন্ধান চলাবলৈ মঙলবাৰে বোকাখাত আৰক্ষীয়ে ধৃত নবিৰ হুছেইন নামৰ চোৰাং চিকাৰীজনক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ নিছিল।

উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ শিলেখুন্দা বন শিৱিৰৰ ওচৰত চোৰাং চিকাৰীজন বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বন্দুক কাঢ়ি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত চোৰাং চিকাৰীজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।