বাক্সা : এক ভয়ংকৰ পথ। তীব্ৰ বেগী ট্ৰাক এখনে মহতিয়া নিয়ে শিক্ষয়িত্ৰীসহ দুই কণমানি ছাত্ৰীক। থিততে নিহত হয় শিক্ষয়িত্ৰী গৰাকীৰ লগতে দুই কামনামি ছাত্ৰী।

বাক্সা জিলাৰ শালবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। টিউচন কিৰ শিক্ষয়িত্ৰীৰ স্কুটীৰে ঘৰলৈ আহি থকা অৱস্থাত এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে স্কুটীখন।

এই ভয়ংকৰ পথ দুর্ঘটনা ৰিজিনা কুজুৰ নামৰ শিক্ষয়িত্ৰী গৰাকীৰ লগতে কৃষ্টিনা দৈমাৰী আৰু ভাৰলীনা ব্ৰহ্ম নামৰ দুই কণমানি ছাত্ৰী থিতাতে নিহত হয়। হিমালয় পাব্লিক ইস্কুলৰ আছিল দুই কণমানি ছাত্ৰী আৰু শিক্ষয়িত্ৰী গৰাকী।

এই ভয়ংকৰ পথ দুর্ঘটনাৰ পিছতে দুর্ঘটনাস্থলীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে ট্ৰাকখনত অগ্নি সংযোগ কৰাৰ চেষ্টা চলায় যদিও দুঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।