আজিজ আলী
মুকালমুৱা : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকৰ মাজতে ৰাজ্যত চলি আছে ড্ৰাগছৰ সৰবৰাহ। এফালে আৰক্ষীৰ অভিযান আনফালে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে নতুন নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ সৰবৰাহ চলাই আছে।

পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী। গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে নিয়াৰ পথত আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে ড্ৰাগছখিনি। মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে যৌথভাৱে লাভ কৰে এই সাফল্য।

নলবাৰী জিলাৰ মুকালমুৱাত মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত যৌথভাৱে অভিযান চলাই এখন ইণ্ডিগো বাহনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। হাজো-দৌলাশাল গড়কপ্তানি পথৰ বামুনবড়ীত আৰক্ষীয়ে অভিযান চলাই এএছ-০১-বিএম-২০৮৬ নম্বৰৰ ইণ্ডিগো বাহনখনৰ পৰা জব্দ কৰে ড্ৰাগছখিনি৷

ইণ্ডিগো বাহনখনৰ ইঞ্জিনত চাবোনৰ বাকচৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছখিনি। আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী শ্বাহজামাল আলীক৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰত বুলি জানিব পৰা গৈছে।

ড্ৰাগছ সৰবৰাহকাৰীজনে গুৱাহাটীৰ পৰা গোৱালপাৰালৈ ড্ৰাগছখিনি কঢ়িয়াই আনি থাঁকোতে আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই সাফল্য লাভ কৰে। মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত আৰু দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ লগত আৰক্ষীৰ এটা দলে চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান৷