হোজাই : অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক। পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, শাক-পাচলি সকলোতে এতিয়া মূল্যবৃদ্ধিৰ জুই। মূল্যহীন হৈ পৰিছে এতিয়া সোণ-ৰূপৰ গহনা, খাদ্য সামগ্ৰীৰ ওপৰত এতিয়া একাংশৰ চকু। ভবেশ কলিতা আৰু অতুল বৰাৰ পৰামৰ্শও পালন নকৰে একাংশই।

মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে যদিও মূল্যবৃদ্ধিৰ লগত যুঁজ দি জীয়াই থকাৰ ভাষণ দি আছে একাংশ ৰাজনৈতিক নেতাই। ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা আৰু দিছপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক অতুল বৰাৰ ভাষণৰ কোনো প্ৰভাৱ নপৰিলে এজনৰ ওপৰত।

মিঠাতেলৰ বজাৰত মূল্য প্ৰায় ২২০ টকাৰ হোৱাত বিজেপিৰ বিধায়ক অতুল বৰাই মিঠাতেল নাখাবলৈ দিয়া পৰামৰ্শ পাহৰিলে এজন লোকে। দীপাৱালীলৈ মাজত মাত্ৰ দুটা দিন, ভবেশ কলিতাই ক’লে বুলিয়েই চাকি নজ্বলবেনে আৰু ? গতিকে সোণ-ৰূপৰ গহনা পাহৰি চোৰে হাত দিলে মিঠাতেলত।

অৱশ্যে ৰাইজে মিঠাতেলসহ চোৰজনক আটক কৰি গতাই দিলে আৰক্ষীক। মিঠাতেল চোৰক ৰাইজে আটক কৰিছে হোজাইত। হোজাইৰ সাগৰবস্তিৰ দেৱশীষ দে নামৰ মিঠাতেল চোৰজনৰ কবলৰ পৰা ৰাইজে উদ্ধাৰ কৰে ২০ লিটাৰ মিঠাতেলৰ লগতে দুটা গেছৰ চিলিণ্ডাৰ।

ৰাইজে মিঠাতেল চোৰজনক হোজাই আৰক্ষীক গতাই দিয়ে। মিঠাতেলৰ মূল্যবৃদ্ধি হোৱাৰ বাবেই মিঠাতেলৰ লোভত পৰি ৰঙাঘৰৰ আলহী হ’ল দেৱশীষ দে। ৰাইজে মিঠাতেল খোৱা এৰিছে, দীপাৱালীত ৰাইজে চাকিও বেছিকৈ নজ্বালাব, এতিয়া মিঠাতেল চোৰৰ পৰা ৰক্ষা পাবলৈ কি পৰামৰ্শ বা দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি আৰু বিধায়ক ?