দৰং : এগৰাকী কণমানি ইউটিউবাৰৰ পথ দুৰ্ঘটনাত মৃত্যু। অসমৰ কণমানি ইউটিউবাৰ ছানিয়া আকতাৰাৰ এক ভয়ংকৰ পথ দুর্ঘটনাত মৃত্যু হৈছে। পথ দুৰ্ঘটনাত ছানিয়া আকতাৰাৰ মাতৃৰ লগতে অন্য তিনিজনৰ মৃত্যু হৈছে। ইউটিউবৰ বাবে ভিডিঅ’ শ্বুটিং কৰিবলৈ গৈছিল আটাইকেইজন।

এক ভয়ংকৰ পথ দুর্ঘটনাত হেৰাই গ’ল কণমানি প্ৰতিভা। দৰং জিলাৰ বেছিমাৰীত দেওবাৰে সংঘটিত হোৱা ভয়ংকৰ পথ দুর্ঘটনাত মৃত্যু ঘটে অসমৰ কণমানি ইউটিউবাৰ ছানিয়া আকতাৰাৰ। মাতৃ আৰু অন্য ৬ জন লোকৰ লগত ছানিয়া আকতাৰা ইউটিউবৰ বাবে ভিডিঅ’ শ্বুটিং কৰিবলৈ ৰৌতালৈ গৈছিল।

ৰৌতাৰ পৰা উভতি অহাৰ পথত ছানিয়া আকতাৰাই যাত্ৰা কৰা এএছ-০৭-জি-৬৭৯৪ নম্বৰৰ চুইফ্ট ডিজায়াৰ বাহনখনৰ তেজপুৰ অভিমুখী এএছ-১৩-চিচি-১০০২ নম্বৰৰ ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ লাগে। এই পথ দুর্ঘটনাত ছানিয়া আকতাৰা, মঞ্জুৱাৰা বেগম, ফৰিদুল ইছলাম, আজাদ আলী আৰু ইব্ৰাহিম আলী থিতাতে নিহত হয়।

নিহত মঞ্জুৱাৰা বেগম কণমানি ইউটিউবাৰ ছানিয়া আকতাৰাৰ মাতৃ। নিহত মঞ্জুৱাৰা বেগম আৰু ছানিয়া আখতাৰাৰ ঘৰ দৰং জিলাৰ দলগাঁৱৰ দৈপামত। আনহাতে নিহত অন্য তিনি জনৰ ঘৰ দৰং জিলাৰ শ্যামপুৰত। এই পথ দুর্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছে ৰফিকুল ইছলাম, আব্বাজ আলী আৰু আব্দুল আৱাল।

আহত তিনিওজনকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত তিনিওজনৰে ঘৰ শ্যামপুৰত বুলি জানিব পৰা গৈছে। বেছিমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুর্ঘটনাত ৫ জনকৈ লোক নিহত হোৱাত অঞ্চটোত শোকৰ ছাঁ পৰিছে।