গুৱাহাটী : ড্ৰাগছ লৈ গুৱাহাটীলৈ আহি থকা অৱস্থাত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল জামাল আলী। বৃহস্পতিবাৰে সন্ধিয়াৰ সময়ত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই যোৰাবাটৰ গণেশ মন্দিৰৰ ওচৰত জামাল আলীক বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল। জামাল আলীৰ আই১০ বাহনখনৰ চিটৰ তৰল পৰা জব্দ হৈছিল ১০ হাজাৰ নিচাজাতীয় টেবলেট।

ইয়াৰ পিছতে নিশাৰ ভাগত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জামাল আলীক জেৰা চলাই জামাল আলীক লগত লৈ অন্য এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ বাবে অভিযান চলাইছিল। আৰক্ষীৰ অভিযানৰ মাজতে জামাল আলীয়ে আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায়। আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে জামাল আলীক লক্ষ্য কৰি গুলী চলনা কৰে।

আৰক্ষীৰ গুলীত আহত জামাল আলীক চিকিৎসাৰ বাবে নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰক্ষীয়ে ভৰ্তি কৰায়। উল্লেখ্য যে মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অধীনত বশিষ্ঠ আৰক্ষীয়ে জামাল আলীক ১০ হাজাৰ নিচাজাতীয় টেবলেটসহ যোৰাবাটত গ্ৰেপ্তাৰ কৰিছিল।

এএছ-০১-এজে-৩৬৯৮ নম্বৰৰ আই১০ বাহন এখনৰ চিটৰ তলত সৰু সৰু পেকেটত ১০ হাজাৰ নিচাজাতীয় টেবলেটলৈ গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত যোৰাবাটত আৰক্ষীৰ অভিযানত জামাল আলী জালত পৰে। জামাল আলীৰ ঘৰ কামৰূপ জিলাৰ ছায়গাঁৱত। জামাল আলী দীর্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰ লগত জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।