গুৱাহাটী : মহানগৰ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। জামাল আলী নামৰ এজনে আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে বিশেষ কৌশল অৱলম্বন কৰিছিল যদিও সফলতা পিছে মহানগৰ আৰক্ষীয়ে পালে। যোৰাবাটত জামাল আলী আৰক্ষীৰ জালত পৰিল।

কেতিয়াবা যদি চাৰিচকীয়া বাহনৰ বেক লাইট, কেতিয়াবা আকৌ ট্ৰাকৰ পেট্ৰ’লৰ টেংকীত। নতুন নতুন কৌশল অৱলম্বন কৰিও সফলতা লাভ কৰাটো অসম্ভৱ হৈ পৰিছে। কৌশল যিয়ে নহওঁক কিয় আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে। পুনৰ এক কৌশল বিফল কৰিলে মহানগৰ আৰক্ষীয়ে।

কামৰূপ জিলাৰ ছায়গাঁৱৰ জামাল আলী আই১০ বাহনখনেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত যোবাবাটৰ গণেশ মন্দিৰৰ ওচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জামাল আলীক। জামাল আলীৰ অপৰাধ আই ১০ বাহনৰ চিটৰ তলত লুকুৱাই আনিছিল নিচাজাতীয় টেবলেট।

এক গোপন খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষী গণেশ মন্দিৰৰ ওচৰত জামাল আলীৰ চাৰিচকীয়া বাহনখনত তালাচী চলাই চিটৰ তলত পৰা উদ্ধাৰ কৰে ৪৯ টা সৰু পেকেটত ১০ হাজাৰ নিচাজাতীয় টেবলেট। এএছ-০১-এজে-৩৬৯৮ নম্বৰৰ আই১০ বাহনখনত নিচাজাতীয় টেবলেটখিনি আনিছিল জালাম আলী।

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে জেহাদ ঘোষণা কৰি ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্রতৰ কৰি তোলাত ইতিমধ্যে বহু ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছে। ৰাজ্যৰ চুকে কোনে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। আৰক্ষীয়ে নিদ্ৰা হৰিছে ড্ৰাগছ সৰবৰাহকাৰী সকলৰ।

ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে এটাৰ পিছত আনটো বৃহৎ ছফল্য লাভ কৰাৰ ফলত ড্ৰাগছ সৰবৰাহকাৰী সকলে সলাইছে ড্ৰাগছ সৰবৰাহৰ কৌশল। অৱশ্যে ড্ৰাগছ সৰবৰাহকাৰী যদি ডালে ডালে, আৰক্ষীও আছে পাতে পাতে। কৌশল যিয়ে অৱলম্বন নকৰক কিয় ড্ৰাগছ সৰবৰাহ কৰাটো ইমান সহজ নহব ড্ৰাগছ সৰবৰাহকাৰী সকলৰ বাবে।