গুৱাহাটী : আজাৰাত ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰীজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সোমবাৰে আইএছবিটিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীজনক।

আৰক্ষীৰ গুলীত পুনৰ আহত হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী। সোমবাৰে নিশা প্ৰয়া ১১.৩০ বজাত মহানগৰীৰ আজাৰাত আৰক্ষীয়ে তাচেৰ আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলী ড্ৰাগছ সৰবৰাহকাৰী তাচেৰ আলীৰ ভৰিত লগাত গুৰুত্বৰভাৱে আহত হয় তাচেৰ আলী।

আৰক্ষীৰ গুলীত আহত হোৱা তাচেৰ অলীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। নিশা আৰক্ষীয়ে তাচেৰ আলীক লগত লৈ আন এজন ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধানত অভিযান চলাবলৈ যাওঁতে আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে তাচেৰ আলীৰ ভৰিত লক্ষ্য কৰি আৰক্ষীয়ে গুলী চালনা কৰে।

তাচেৰ আলীয়ে আজাৰাত আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আঘাতপ্ৰাপ্ত হয় কনিষ্টবল এ শইকীয়া। উল্লেখ্য যে, সোমবাৰে গড়চুক আৰক্ষীয়ে এক অভিযান চলাই ৫০০ গ্ৰাম হেৰ’ইনসহ তাচেৰ আলীক আইএছবিটি’ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। তাচেৰ অলীৰ কবলৰ পৰা জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্ৰয়া ৪ কোটি টকা।