জোনমণি বেমগ

বিশ্বনাথ : বিশ্বনাথত আঠ লাখ টকা মূল্যৰ কাঠসহ জব্দ এখন ট্ৰাক। বিশ্বনাথ সদৰ আৰক্ষী থনাৰ অভিযানত জব্দ হয় কাঠ ভৰ্তি ট্ৰাকখন। বিশ্বনাথ আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালকসহ তিনিজন লোকক। 

বিশ্বনাথ সদৰ আৰক্ষী থানাৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা বিশ্বনাথ সদৰ আৰক্ষীয়ে অভিয‍ন চলাই প্ৰায় আঠ লাখ টকা মূল্যৰ এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে।সন্দেহজনক নথিপত্ৰ থকা কাঠ ভৰ্তি ট্ৰাকখনৰ লগতে আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ চালকসহ তিনিজন লোকক।

উল্লেখ যে কাঠ ভৰ্তি এখন ট্ৰাক অৰুণাচল প্ৰদেশৰ পৰা অসম অভিমুখে আহি থাকৰ এক গোপন খবৰৰ লাভ কৰিছিল বিশ্বনাথ আৰক্ষীয়ে। এই গোপন খবৰৰ ভিত্তিত বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে নিশা থানাৰ সন্মুখত তালাচী অভিযান চলাই কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰে।

জব্দ কৰা কাঠ ভৰ্তি ট্ৰাকখনত থকা নথিপত্ৰখিনিক লৈ বিশ্বনাথ আৰক্ষী সন্তুষ্ট নহয়। যাৰ বাবে বিশ্বনাথ সদৰ আৰক্ষী থানাই ট্ৰাকখন জব্দ কৰি এই সন্দৰ্ভত বন বিভাগক অবগত কৰিছে। বন বিভাগৰ লোকে আৰক্ষী থানাত উপস্থিত হৈ তদন্ত চলোৱাৰ পিছতহে জানিব পৰা যাব যে কাঠ ভৰ্তি ট্ৰাকখনৰ নথিপত্ৰ আচল নে নকল।