জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ চাৰিআলি নগৰ প্ৰাথমিক শিক্ষক সন্মিলনী কেন্দ্ৰৰ উদ্যোগত বিশ্বনাথ চাৰিআলি নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হয় এক বিদায় সম্বৰ্ধনা সভা। এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত চাৰি গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আব্দুল বাৰেক বেপাৰী, ফটিক বৰা, ইন্দুলা হাজৰিকা আৰু পূৰ্ণিমা ভূঞাক শৰাই, গামোচা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে বিশ্বনাথ চাৰিআলি নগৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

চাৰি গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা অনুষ্ঠানত এক গাম্ভিৰ্য্যপূৰ্ণ আৰু আবেগিক পৰিৱেশ গঢ় লৈ উঠা পৰিলক্ষিত হয়। অনুষ্ঠানত উপস্থিত থাকে নগৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সূৰ্য নাৰায়ণ পাণ্ডে, সম্পাদক অঞ্জন বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক লীলা উপাধ্যায় , বিশ্বনাথ শিক্ষা খণ্ডৰ অৱসৰপ্ৰাপ্ত পৰিসংখ্যা সহায়ক হেমন্ত শ‌ইকীয়া, বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি দুলাল বৰা, সম্পাদক পৰেশ বৰা, ৰাজ্যিক সদস্য লক্ষ্য হাজৰিকা, জেষ্ঠ সদস্য মনীষ কলিতা লগতে উপ সভানেত্ৰী নীশা ভূঞাসহ বহু কেইজন শিক্ষক-শিক্ষয়িত্ৰী।

এই সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰা প্ৰায়বোৰ সন্মানীয় ব্যক্তিয়ে চাৰিগৰাকী সদ্য বিদায়ী শিক্ষক- শিক্ষয়িত্ৰীৰ কৰ্মৰাজীৰ ওপৰত ব্যক্তব্য প্ৰদান কৰি তেওঁলোকে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা শিক্ষা সংস্কাৰ সকলোবোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চিৰ স্মৰনীয় হৈ ৰব বুলি মন্তব্য প্ৰদান কৰে। লগতে তেওঁলোকে বিদ্যালয়খনত প্ৰদান কৰা কৰ্মৰাজীৰ বাবে সকলোৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকৰ দীর্ঘ জীৱনৰ কামনা কৰে।