বোকাজান : বাৰম্বাৰ একেটাই ভুল। বাৰে বাৰে ধৰা পৰাৰ পিছতো চাবোনৰ বাকচ নেৰে। কিয় চাবোনৰ বাকচ ব্যৱহাৰ কৰে ? আৰক্ষীয়ে চাবোনৰ বাকচ দেখিলেই সন্দেহ কৰে, কিন্তু সঘনাই চাবোনৰ বাকচ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। চাবোনৰ বাকচ ব্যৱহাৰ কৰা ইজনৰ পিছত সিজন ধৰা পৰে।

মণিপুৰ অথবা নাগালেণ্ডৰ পৰা অহা বাহনত চাবোনৰ বাকচ দেখা মাত্ৰকে আৰক্ষীয়ে আৰম্ভ কৰে তালাচী অভিযান। আৰক্ষীৰ তালাচীত প্ৰতিবাৰেই চাবোনৰ বাকচৰ পৰা উদ্ধাৰ হয় ড্ৰাগছ। বাৰে বাৰে চাবোনৰ বাকচত ড্ৰাগছ আনি ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে যদিও চাবোনৰ বাকচৰ ব্যৱহাৰ কৰা এৰি নিদিয়ে ড্ৰাগছ সৰবৰাহকাৰী সকলে।

পুনৰ বাৰ চাবোনৰ বাকচত ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই গ্ৰেপ্তাৰ হ’ল দুজন। স্থান আকৌ কাৰ্বি আংলং জিলা। পূজাৰ এই উখল-মাখল পৰিৱেশত আৰক্ষী পূজাকলৈ ব্যস্ত থাকিব বুলি আশা কৰি দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰে। ড্ৰাগছ সৰবৰাহকাৰী দুজনে গুৱাহাটী অভিমুখী এনএল-০৭-বি-০৩৯৯ নম্বৰৰ এখন যাত্ৰীবাহী বাছত চাবোনৰ বাকচত আনিছিল হেৰ’ইন।

গোপন খবৰৰ ভিত্তিত বোকাজানৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই বাছখনত অভিযান চলাই ১৫ টা চাবোনৰ বাকচত হেৰ’ইনখিনি উদ্ধাৰ কৰে। আৰক্ষীয়ে হেৰই’নখিনিৰ লগতে গ্ৰেপ্তাৰ কৰে মণিপুৰ সেনাপতি জিলাৰ ডি ললী আৰু ডিমাপুৰৰ টেপ্নু ৰিটো নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক।

জব্দকৃত ১৮৬.৪ গ্ৰাম হেৰ’ইনখিনিৰ বজাৰ মূল্য ১০ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পূৰ্বেও বহুবাৰ নাগালেণ্ড আৰু মণিপুৰৰ কেইবাজানো ড্ৰাগছ সৰবৰাহকাৰীয়ে কাৰ্বি আংলং জিলাৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰিছে।