বঙাইগাঁও : ৰাজ্যজুৰি দুৰ্গোৎসৱকলৈ উখল-মাখল পৰিৱেশ। দুৰ্গা পূজাৰ আনন্দত ডুব গৈছে সমগ্ৰ ৰাজ্য। পূজাৰ এই আনন্দৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে কেইবাটাও অঘটন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ এই আনন্দৰ মাজতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ মুখত পৰিছে কেইবাজনো লোক।

আৰক্ষী-প্ৰশাসন কঠোৰ হৈছে যদিও পূজাৰ আনন্দত সুৰা ৰাগীত মাতাল হৈ গাড়ী চলাই পথ দুৰ্ঘটনাত নিহত হোৱাৰ লগতে আহত হৈছে কেইবাজনো লোক। এইবাৰ নৱমীৰ নিশা নিচাসক্ত যুৱকে হত্যা কৰিলে নিজ সতীৰ্থক। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাত।

বঙাইগাঁৱৰ নিউ ক’ল’নিত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পূজা চাবলৈ যোৱা এজন যুৱকক হত্যা কৰে নিচাসক্ত সতীৰ্থই। যুৱকজনক হত্যা কৰি পথৰ কাষত পেলাই যায় নিচাসক্ত সতীৰ্থই। গোপাল বৰ্মন নামৰ এজন যুৱক সতীৰ্থ ৰাজু মহতোৰ লগত নৱমীৰ নিশা পূজা চকলৈ যায়। পূজা চাই থকাৰ মাজতে দুয়োৰে মাজত সূত্ৰপাত হয় কাজিয়াৰ।

গোপাল বৰ্মন আৰু ৰাজু মহতোৰ মাজত কাজিয়া চলি থকা অৱস্থাত ৰাজু মহতোই গোপাল বর্মনক ছুৰীৰে আক্ৰমণ কৰে। ৰাজু মহতোৰ ছুৰীৰ আক্ৰমণত পথৰ কাষতে ঢলি পৰে গোপাল বৰ্মন। ৰাজু মহাতোই পথৰ কাষতে পেৰলাই যায় গোপাল বর্মনক। পৰিয়ালৰ লোকে গোপাল বৰ্মনক চিকিৎসালয় নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে গোপাল বর্মনক।