মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৪২ খন পূজা মণ্ডপত উলহ-মালহেৰে মহানৱমীৰ পূজা সম্পন্ন। অসম-মেঘালয় সীমান্তৰ বৰকোনা কালী ধামত সম্পন্ন হ’ল কুমাৰী পূজা। সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো পূজাকলৈ দেখিবলৈ পোৱা গৈছে উখল-মাখল পৰিৱেশ।

বৃহস্পতিবাৰে মহানৱমীৰ পূজা উপলক্ষে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মুঠ ৪২ খন পুজা মণ্ডপত পুৱাৰ ভাগৰে পৰা ভক্ত সকলে ভিৰ কৰা পৰিলক্ষিত হয়। দীঘলীয়া শাৰীত থিয় হৈ ভক্ত সকলে দেৱী দুৰ্গাক পূজা-অৰ্চনা আগবঢ়াই দেৱীৰ আশীষ লয়। জিলাখনত বিশেষকৈ অসম-মেঘালয় সীমান্তৰ মানকাচৰৰ বৰকোনা কালী ধামত ভক্তৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা যায়।

বৰকোনা কালী ধামত বিগত ৭৫ বছৰ ধৰি অনুষ্ঠিত কৰি অহা হৈছে দুৰ্গা পূজা। বৃহস্পতিবাৰে মহানৱমী উপলক্ষে বৰকোনা কালী ধামত পুৱাৰ ভাগত কুমাৰী পূজাৰ আয়োজন কৰা হয়। মহানৱমীৰ লগত সংগতি ৰাখি ৯ গৰাকী কুমাৰীক পূজা কৰা হয়। দেৱীৰ ৰূপত ৯ গৰাকী কুমাৰীকলৈ ভক্ত সকলে এক শোভাযাত্রা উলিয়াই বৰকোনা কালী ধামত উপস্থিত হয়।

ইয়াৰ পিছতে ৯ গৰাকী কুমাৰীক বৰকোনা কালী ধামত পূজাৰী সকলে পূজা-অৰ্চনা কৰে। কুমাৰী পূজাৰ বাবে পুৱাৰে পৰা বৰকোনা কালী ধামত ভক্ত সকলৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। বৰকোনা কালী ধামত পুৱা ৬ বজাৰে পৰা মহানৱমীৰ পূজা পালন কৰা হয়। পূজাৰ পিছতে বৰকোনা কালী ধামত হোমযজ্ঞ সম্পন্ন কৰি প্ৰতিবছৰৰ দৰে কুমাৰী পূজা কৰা হয়।

উল্লেখ্য যে মহানৱমীৰ দিনা জিলাখনৰ পূজা মণ্ডপ সমূহত ক’ভিড নীতি-নিৰ্দেশনাৰ মাজতো ভক্ত সকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। ৰাইজে সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনা মানি দেৱীক পূজা-অৰ্চনা আগবঢ়ায়। পুৱাৰে পৰা ভক্ত সকলে হাতে হাতে ধূপ,।দ্বীপ, নৌবদ্যৰ থাল লৈ দেৱী দুৰ্গাৰ চৰণত সেৱা লবলৈ ওলাই আহি দেৱীৰ ওচৰত প্ৰাৰ্থনা জনায়।