গুৱাহাটী, ৮ ডিচেম্বৰ, ২০২৩ : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) আন এক বৃহৎ সাফল্য। এইবাৰ এখন এপাৰ্টমেণ্টৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য কেইবাকোটি টকা হব আৰক্ষীয়ে অনুমান কৰিছে। ড্ৰাগছখিনিৰ লগত দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিছে পাঁচজনকৈ যুৱক-যুৱতীক। অধিক তথ্যৰ বাবে আটাইকেইজনক আৰক্ষীৰ জেৰা অব্যাহত।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ দুজনজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

মহানগৰী গুৱাহাটীৰ এখন এপাৰ্টমেণ্টৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। হেঙেৰাবাৰী অঞ্চলৰ এখন এপাৰ্টমেণ্টত বৃহস্পতিবাৰে নিশাৰ ভাগত চলিছিল আৰক্ষীৰ অভিযান। হেঙেৰাবাৰীৰ শেৱালি পথৰ গণপতি এনক্লেভ নামৰ এপাৰ্টমেণ্টখনত অভিযান চলাই অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু দিছপুৰ আৰক্ষীৰ এটা দলে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু দিছপুৰ আৰক্ষীয়ে এপাৰ্টমেণ্টখনৰ পৰা ৩৩ গ্ৰাম কোকেইন আৰু ১১.৬৪ গ্ৰাম এম ডি এম এ জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য কেইবাকোটি টকা হ’ব বুলি অভিযানকাৰী দলটোৱে অনুমান কৰিছে। এই বুজন পৰিমাণৰ ড্ৰাগছখিনিৰ লগতে অভিযানকাৰী দলটোৱে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে দিগবিজয় নবীশ আৰু কুণ্ডন ঠাকুৰ বুলি জানিব পৰা গৈছে।

ইয়াৰে কুণ্ডন ঠাকুৰৰ ঘৰ কাৰ্বি আংলংত। ড্ৰাগছ সৰবৰাহকাৰীণ দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে অভিযানকাৰী দলটোৱে পাঁচজনকৈ যুৱক-যুৱতীক আটক কৰিছে। ইয়কৰে তিনিজন যুৱক আৰু দুগৰাকী যুৱতী বুলি জানিব পৰা গৈছে। অভিযানকাৰী দলটোৱে এখন চাৰিচকীয়া বাহন, মোবাইল ফোন আৰু বহু অপত্তিজনক সামগ্ৰীও জব্দ কৰিছে। বৰ্তমান আটাইকেইজনকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু দিছপুৰ আৰক্ষীৰ এই সাফল্য অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ এক বৃহৎ সাফল্য বুলি অভিহিত কৰিব পাৰি।