নিউজ ডেস্ক, ৭ ডিচেম্বৰ, ২০২৩ : ৰে’ল, ইলেক্ট্ৰনিক্স, তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি, সামগ্ৰী উৎপাদন খণ্ডৰ (পন্য সামগ্ৰী) সফলতাৰ কাহিনী উপস্থাপন কৰে, যিটোৱে প্ৰথমবাৰৰ বাবে দেশৰ সেৱা খণ্ডৰ ৰপ্তানিতকৈ অগ্ৰগতি লাভ কৰিছে। মন্ত্ৰী গৰাকীয়ে কয় যে ২০১৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰূপায়ণ কৰা “মেক ইন ইণ্ডিয়া” আঁচনিৰ বিষয়বস্তুৰ অধীনত এই প্ৰচেষ্টা গ্ৰহণ কৰাৰ লগতে পৰ্যবেক্ষণ কৰা হয়, যাৰ ফলত এই প্ৰয়াসে এক বৃহৎ সফলতা অৰ্জন কৰে।

মন্ত্ৰী গৰাকীয়ে কয় যে বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত ৰপ্তানি ৭৬২ বিলিয়ন ডলাৰত উপনীত হৈছে। সামগ্ৰী (পন্য সামগ্ৰী) ৰপ্তানি ৪৫৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে, আনহাতে সেৱা ৰপ্তানি আছিল ৩০৯ বিলিয়ন ডলাৰ আৰু দেশখনে অতি সোনকালে এক ট্ৰিলিয়ন ডলাৰৰ ৰপ্তানি লাভ কৰিব। মন্ত্ৰী গৰাকীয়ে “মেক ইন ইণ্ডিয়া” আঁচনিৰ প্ৰচেষ্টাৰ পৰিণামস্বৰূপে উৎপাদন প্ৰক্ৰিয়াৰ উন্নয়নৰ দিশত এক আধাৰ ৰূপে সামগ্ৰিক ৰাষ্ট্ৰীয় ৰপ্তানিৰ ক্ষেত্ৰত চতুৰ্থ স্থানত উপনীত হোৱা মোবাইল ফোনৰ ৰপ্তানিৰ কথাও প্ৰকাশ কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে, দেশখনে যোৱা বিত্তীয় বৰ্ষত এঘাৰ বিলিয়ন ডলাৰৰ অধিক মূল্যৰ মোবাইল ফোন ৰপ্তানি কৰিছে আৰু অতি সোনকালেই মোবাইল ফোনৰ ৰপ্তানিৰ ক্ষেত্ৰতো দ্বিতীয় শীৰ্ষ স্থানত উপনীত হ’ব।

প্ৰধানমন্ত্ৰীয়ে দেশত উৎপাদন খণ্ডৰ বিকাশৰ বাবে “মেক ইন ইণ্ডিয়া”ৰ প্ৰচেষ্টা আৰম্ভ কৰিছে। যিয়ে ইতিমধ্যে জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে অৰ্থনীতিৰ বাবে কাম কৰি এই প্ৰচেষ্টা আৰু দৃষ্টিভংগীৰ দ্বাৰা, সেই দেশসমূহৰ প্ৰাৰম্ভিক বিকাশ আৰু উন্নয়ন পৰ্যায়ৰ সময়চোৱাত ই আমাৰ দেশৰ বাবেও অৰ্থনৈতিক বিকাশ আৰু নিযুক্তি সৃষ্টিৰ দিশত প্ৰগতিৰ কাহিনী কঢ়িয়াই আনিব। দৰাচলতে, সফলতাৰ কাহিনী ইতিমধ্যে আৰম্ভ হৈছেই কিয়নো উৎপাদন খণ্ডৰ সফলতাৰ সৈতে বছৰি ১.৮০ কোটি নিয়োজন প্ৰাপ্ত কৰা হৈছে, য’ত ২ কোটি নিযুক্তি সৃষ্টিৰ লক্ষ্য লোৱা হৈছে বুলিও ৰে’ল, ইলেক্ট্ৰনিক্স, তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়।ণ