গুৱাহাটী, ২৮ আগষ্ট, ২০২৩ : এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। মহানগৰীত দাৰে ঘপিয়াই এগৰাকী মহিলাক নৃশংসভাৱে হত্যা (Lady Killed By Illegal Lover)। মহিলা গৰাকীৰ স্বামী আৰু দুই সন্তানকো আক্ৰমণ। সংকটজনক অৱস্থাত মহিলা গৰাকীৰ স্বামী আৰু দুই সন্তান চিকিৎসাধীন। এই নৃশংস ঘটনা সংঘটিত কৰিয়ে আত্মহত্যা কৰিছে হত্যাকাৰীজনে।

অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি। অবৈধ প্ৰেমৰ বাবাই সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী মহিলাৰ অবৈধ প্ৰেমিক মহিলা গৰাকীক নৃশংসভাৱে হত্যা কৰি আত্মহত্যা কৰিছে। অবৈধ প্ৰেমকজনৰ আক্ৰমণত মহিলা গৰাকীৰ স্বামী আৰু দুই সন্তান গুৰুত্বৰভাৱে আহত হৈছে। সংকটজনক অৱস্থাত মহিলা গৰাকীৰ স্বামী আৰু দুই সন্তান বৰ্তমান চিকিৎসালয়ত যুঁজি আছে মৃত্যুৰ সৈতে।

মহানগৰী গুৱাহাটীৰ বৰাগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। অবৈধ প্ৰেমিকে দাৰে ঘপিয়াই হত্যা কৰিলে প্ৰেমিকাক। অবৈধ প্ৰেমিক নৃশংসভাৱে প্ৰেমিকাক হত্যা কৰাৰ লগতে প্ৰেমিকাৰ স্বামী আৰু দুই সন্তানক আক্ৰমন কৰি পিছতে আত্মহত্যা কৰে। জানিব পৰা মতে ৰীতা দাস নামৰ এগৰাকী মহিলাৰ ১৩ বছৰ পুৰ্বে অবনী দাস নামৰ লোকজনৰ লগত বিবাহ হৈছিল।

দুই সন্তানৰ মাতৃ ৰীতা দাস বিগত ৩ বছৰ ধৰি নিৰঞ্জন গোহাঁই নামৰ এজন চালকৰ লগত অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল। প্ৰায় তিনি মাহ পূৰ্বে ৰীতা দাসে স্বামী অবনী দাসক মৰিয়াই হাত-ভৰি ভাঙি দুই সন্তানক এৰি নিৰঞ্জন গোহাঁইৰ সৈতে পলাই গৈছিল। কিছু দিন পুৰ্বে নিৰঞ্জন গোহাঁইক এৰি ৰীতা দাস পুনৰ ঘূৰি আহিছিল স্বামী অবনী দাসৰ ঘৰলৈ। ইয়াকেলৈ ক্ষোভিত হৈ আছিল নিৰঞ্জন গোহাঁই। অৱশেষত ক্ষোভিত নিৰঞ্জন দাসে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড।

অবনী দাসৰ ঘৰলৈ আহি নিৰঞ্জন গোহাঁইয়ে প্ৰথমে মৰিয়াই মৰিয়াই ঘৰৰ কুকুৰটোক হত্যা কৰে। ইয়াৰ পিছতে অবনী দাস আৰু ৰীতা দাসৰ দুই সন্তানক লোৰ পাইপেৰে আক্ৰমন কৰি অবনী দাসক আক্ৰমণ কৰে। ৰীতা দাসে বাধা দিয়াত নিৰঞ্জন গোহাঁইয়ে ৰীতা দাসক লোৰ পাইপ আৰু দাৰে আক্ৰমণ কৰি হত্যা কৰে। হত্যাকাণ্ড সংঘটিত কৰি একেটা কোঠালীতে নিৰঞ্জন গোহাঁইয়ে আত্মহত্যা কৰে।

ঘটনাৰ খবৰ পাই গড়চুক আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰন কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে লোৰ পাইপ আৰু দা জব্দ কৰিছে। এই নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।