আজিজ আলী

মুকালমুৱা : গুৱাহাটীত উদ্ধাৰ হৈছে মুকালমুৱাৰ তিনি গৰাকীকৈ ছাত্ৰী। মুকালমুৱাৰ তিনি গৰাকী ছাত্ৰী গুৱাহাটীত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি মুকালমুৱাত তীব্ৰ চাঞ্চল্য। ৰামপুৰ জনতা হাইস্কুলৰ তিনিগৰাকী ছাত্ৰীক আন দুগৰাকী ছাত্ৰীয়ে গুৱাহাটীলৈ আনি এৰি থৈ গৈছিল।

সোমবাৰে নিশাৰ ভাগত দৌলাশাল আৰক্ষীয়ে গুৱাহাটীৰ পাণ্ডুৰ সদিলাপুৰত অভিযান চলাই তিনিও গৰাকী ছাত্ৰীক উদ্ধাৰ কৰে। সোমবাৰে বিদ্যালয়লৈ অহাৰ পিছত ছত্ৰী তিনি গৰাকী ঘৰলৈ উভতি নযোৱাত পৰিয়ালৰ লোকে দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল।

ছাত্ৰী তিনি গৰাকীয়ে ঘৰত অত্যাচাৰৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰি পাণ্ডুৰ সদিলাপুৰৰ দয়াল দাস নামৰ এজন লোকৰ গৃহত আশ্ৰয় লৈ আছিল। ছাত্ৰী তিনিগৰাকীৰ অভিভাৱকে কোনো দুষ্ট চক্ৰৰ হাতত পৰাৰ সন্দেহ ব্যক্ত কৰি ছাত্ৰী তিনি গৰাকী এইদৰে ওলাই আহিছিল বুলি প্ৰকাশ কৰিছে।

আৰক্ষীৰ তৎপৰতাত ছত্ৰী তিনি গৰাকী উদ্ধাৰ নহ’লে নাৰী সৰবৰাহকাৰী, দেহ ব্যৱসায়ী নাইবা মানৱ অংগৰ সৰবৰাহকাৰীৰ হাতত ছাত্ৰী তিনি গৰাকী পৰিল হেতেন বুলি তিনিও গৰাকী ছত্ৰীৰ অভিভাৱকে সন্দেহ কৰিছে। দৌলাশাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ তৎপৰতাত ছত্ৰী তিনি গৰাকী উদ্ধাৰ হৈছে।