নিউজ ডেস্ক, ২৭ জুলাই, ২০২৩ : উত্তৰ পূবৰ ৰাজ্য সমূহেৰে অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। অসমকে ধৰি উত্তৰ পূবৰ অন্যান্য ৰাজ্য সমূহত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে উত্তৰ পূবৰ মাজেৰে দেশৰ অন্যান্য প্ৰান্তলৈ চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। পুনৰবাৰ উত্তৰ পূবৰ এখন ৰাজ্যত জব্দ হৈছে বুজন পৰিমাণৰ ড্ৰাগছ (Drugs Seized)।

অসম তথা উত্তৰ পূবৰ ৰাজ্য সমূহ ড্ৰাগছ সৰবৰাহৰ ঘটিলৈ পৰিণত হৈছে। অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ মিজোৰামত প্ৰায়ে জব্দ হৈ আছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ, জালত পৰি আছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। ইয়াৰ পিছতো অসম আৰু মিজোৰামৰ মাজেৰে দেশৰ অন্যান্য প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহকাৰী সকলে ড্ৰাগছৰ সৰবৰাহ চলাই গৈছে। মিজোৰামত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছে।

এক গোপন খবৰৰ ভিত্তিত আছাম ৰাইফলছ আৰু মিজোৰাম এক্সাইজ এণ্ড নাৰ্কোটিক্স বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে ১ লাখ ৮২ হাজাৰ ৬৬০ টা নিষিদ্ধ মেথাম্ফেটামিন টেবলেট। বুধবাৰে মিজোৰামৰ চাম্ফাই জিলাত পৃথকে পৃথকে দুটা স্থানত আছাম ৰাইফলছ আৰু মিজেৰাম এক্সাইজ এণ্ড নাৰ্কোটিক্সে বিভাগে অভিযানত চলাই এই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। জব্দকৃত এই বুজন পৰিমাণৰ বজাৰ মূল্য ৫৪ কোটিতকৈও অধিক বুলি অভিযানকাৰী দলটোৱে অনুমান কৰিছে।

এই বুজন পৰিমাণৰ নিষিদ্ধ মেথাম্ফেটামিন টেবলেটৰ লগত দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক হৈছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ এজন অসমৰ ৰুস্তম লস্কৰ আৰু আনজন ত্ৰিপুৰাৰ জাণ্টু দাস বুলি জানিব পৰা গৈছে। অভিযানকাৰী দলটোৱে চাম্ফাই জিলাৰ মুৱালকাৱি গাঁৱত অভিযান চলাই ৯৪ হাজাৰ ৯৪০ টা নিষিদ্ধ মেথাম্ফেটামিন টেবলেট জব্দ কৰাৰ বিপৰীতে খুৱাঙলেং গাঁৱত অভিযান চলাই ৮৭ হাজাৰ ৭২০ টা নিষিদ্ধ মেথাম্ফেটামিন টেবলেট জব্দ কৰে। এই সাফল্য ড্ৰাগছ বিৰোধী অভিযানৰ অন্যতম বৃহৎ সাফল্য বুলি অভিহিত কৰিব পাৰি।

উল্লেখ্য যে ড্ৰাগছ সৰবৰাহ কাৰী সকলে মিজোৰামৰ হৈ অসমৰ মাজেৰে দেশৰ অন্য প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ সমূহলৈ ড্ৰাগছ সৰবৰাহ কৰে। অসম আৰক্ষীৰ লগতে মিজোৰামৰ আৰক্ষী তথা বিভিন্ন ড্ৰাগছ বিৰোধী সন্থাৰ সঘনাই ড্ৰাগছ জব্দ হৈ আছে। অসম আৰক্ষীয়ে ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে কেইবাটাও বৃহৎ সাফল্য লাভ কৰাৰ সমান্তৰালভাৱে মিজোৰামৰ আৰক্ষীও ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ পৰা মিজোৰামৰ তথা উত্তৰ পূবৰ অন্যান্য ৰাজ্যলৈ ড্ৰাগছ সৰবৰাহ হয়।