নিউজ ডেস্ক, ২৮ জুলাই, ২০২৩ : জমিয়ত উলেমা-ই-হিন্দৰ এক প্ৰেছ বিজ্ঞপ্তিত আহমদিয়া মুছলমান সম্প্ৰদায় আৰু ভাৰতৰ আহমদিয়া মুছলমান সম্প্ৰদায়ৰ আইনী মৰ্যাদাৰ বিষয়ে ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্য সন্নিবিষ্ট কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে আহমদিয়া মুছলিম কমিউনিটি ইণ্ডিয়াই (Ahmadiyya Muslim Jamat)। শেহতীয়াকৈ জমিয়ত উলেমা-ই-হিন্দে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত ৱাকফ ব’ৰ্ড অন্ধ্ৰ প্ৰদেশে আহমদিয়া মুছলমান সম্প্ৰদায়ক “অমুছলমান” বুলি ঘোষণা কৰাৰ সিদ্ধান্তক সমৰ্থন কৰিছে। আহমদিয়া মুছলিম কমিউনিটি ইণ্ডিয়াই, জমিয়ত উলেমা-ই-হিন্দৰ এই বক্তব্যক বিভাজনকাৰী আৰু ধৰ্মীয় সহনশীলতাৰ নীতিৰ বিৰুদ্ধে বুলি গণ্য কৰে।

তেওঁলোকৰ প্ৰেছ বিজ্ঞপ্তিত আহমদিয়া মুছলমান সম্প্ৰদায় আৰু ভাৰতত আহমদিয়া মুছলমান সম্প্ৰদায়ৰ আইনী মৰ্যাদাৰ বিষয়ে ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্য সন্নিবিষ্ট কৰা হৈছে বুলি অভিযোগ কৰে। জমিয়ত উলামা হিন্দৰ এই বক্তব্য ভাৰতীয় আইন আৰু ইছলামিক শিক্ষা দুয়োটাৰে বিৰোধী বুলি কয় আহমদিয়া মুছলিম কমিউনিটি ইণ্ডিয়াই। আহমদিয়া মুছলমান সম্প্ৰদায়ে প্ৰতিবাৰেই অন্তৰৰ পৰা বাৰে বাৰে ঘোষণা কৰি আহিছে যে এই সম্প্ৰদায়ে অন্তৰৰ পৰা স্বীকাৰ কৰে যে “লা ইলাহা ইল্লাহ, মহম্মদৰ ৰছুলুল্লাহ” অৰ্থাৎ আল্লাহ এক আৰু তেওঁৰ কোনো অংশীদাৰ নাই আৰু হজৰত মহম্মদ মুস্তাফা চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আল্লাহৰ নবী আৰু খাতমুন্নাবিয়ন, পবিত্ৰ কোৰআন আল্লাহৰ চূড়ান্ত শ্বৰীয়ত (আইন) আৰু ইয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।

একেদৰে আহমদিয়া মুছলমান সম্প্ৰদায়েও আৰ্কান-ই-ই-ইছলাম আৰু আৰ্কান-ই-ইমানক সম্পূৰ্ণৰূপে অনুসৰণ কৰে। ইয়াৰ পিছত কালিমা পঢ়া আহমদী মুছলমানক অমুছলমান বুলি ঘোষণা কৰাৰ অধিকাৰ কাৰো নাই বুলি কয় আহমদিয়া মুছলিম কমিউনিটি ইণ্ডিয়াই। ভাৰতৰ বিভিন্ন উচ্চ ন্যায়ালয়ে আহমদিয়া মুছলমান সম্প্ৰদায়ক ইছলামৰ এটা পন্থা হিচাপে স্বীকৃতি দিয়াৰ আমাৰ অধিকাৰ কেইবাবাৰো সমৰ্থন কৰিছে। উদাহৰণস্বৰূপে, ভাৰতীয় ন্যায়পালিকাৰ পথ প্ৰদৰ্শক বুলি গণ্য কৰা ন্যায়াধীশ ভি কে আয়াৰে ১৯৭০ চনৰ ৮ ডিচেম্বৰত দিয়া ঐতিহাসিক ৰায়দানত কৈছিল যে আহমদিয়া সম্প্ৰদায় ইছলামৰ এটা অংশ। তেওঁ নিজৰ সিদ্ধান্তত স্পষ্টভাৱে কৈছে যে “আৱেগক একাষৰীয়া কৰি বিষয়টোক আইনী দৃষ্টিকোণৰ পৰা চালে মই ক’বলৈ কোনো সংকোচ নকৰো যে আহমদিয়া সম্প্ৰদায়টো ইছলামৰ এটা সম্প্ৰদায় আৰু অচিনাকি সম্প্ৰদায় নহয়।”

ইয়াৰ উপৰিও ১৯১৬ চনত পাটনা উচ্চ ন্যায়ালয় আৰু ১৯২২ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়েও আহমদিয়া মুছলমান সম্প্ৰদায়ক ইছলামৰ এটা সম্প্ৰদায় হিচাপে স্বীকৃতি দিছিল। একেদৰে ২০১১ চনৰ ভাৰতৰ লোকপিয়লৰ প্ৰতিবেদনত আহমদিয়া মুছলমান সম্প্ৰদায়ক ইছলামিক পন্থা হিচাপে গণ্য কৰা হৈছে। এই প্ৰসংগত জমিয়ত উলেমা-ই-হিন্দে বিভিন্ন সংগঠনৰ কিছু ফতোৱা উদ্ধৃত কৰাটো অতি পৰিতাপৰ কাৰণ এনে ফতোৱা ভাৰতৰ বিশেষত্ব জাতীয় আৰু ধৰ্মীয় ঐক্যৰ মনোভাৱৰ বিৰোধী। কোনো আইনী স্থিতি নথকা ফতোৱাক ৰাষ্ট্ৰীয় পৰ্যায়ত কোনো সম্প্ৰদায়ৰ ধৰ্মীয় পৰিচয় বা মৰ্যাদাক লৈ প্ৰশ্ন উত্থাপন কৰা উচিত নহয়।

এটা কথা মনত ৰখা ভাল যে ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ দেশত ফতোৱা আইনৰ সমতুল্য নহয়। আৰু লগতে সেই ফতোৱাবোৰো যিবোৰৰ ভিত্তি ইছলামিক শিক্ষাৰ ওপৰত নহয় বৰঞ্চ মৌলবীৰ ৰচনাৰ ওপৰত। আমি সকলো ধৰ্মীয় সংগঠন আৰু নেতাক অনুৰোধ জনাইছো যে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰক আৰু সামাজিক সম্প্ৰীতি আৰু ধৰ্মীয় ঐক্যৰ ক্ষতি কৰিব পৰা বক্তব্য দিয়াৰ পৰা বিৰত থাকক। বৰঞ্চ ইছলামে যি সহনশীলতা আৰু আন্তঃধৰ্মীয় সমন্বয়ৰ বাবে থিয় দিছে, সেই সহনশীলতা আৰু আন্তঃধৰ্মীয় সমন্বয়ক প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰোঁ আহক বুলিও কয় আহমদিয়া মুছলিম কমিউনিটি ইণ্ডিয়াই।