গুৱাহাটী, সংবাদ ৩৬৫, ৩০ জুলাই : গুৱাহাটীত ৰে’ল ষ্টেচনত জব্দ হেৰ’ইন। এগৰাকী যুৱতীৰ পৰা ৰে’ল আৰক্ষীয়ে জব্দ কৰে ২২ পেকেট হেৰ’ইন। হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৩০ লাখ টকা বুলি জানিব পৰা গৈছে ।

আবৃত্তি কৰ্মকাৰ নামৰ যুৱতীগৰাকীৰ ঘৰ পশ্চিম বংগৰ নাডায়াত। ১২৪২৩ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ বি ১০ ছিট নম্বৰ ২৫ৰ পৰা জব্দ কৰা হয় হেৰ’ইনখিনি । গুৱাহাটীৰ পৰা দিল্লীলৈ নিয়াৰ উদ্দেশ্যে যুৱতীগৰাকীয়ে আনিছিল হেৰ’ইনখিনি।

উল্লেখ্য যে চাবোন থোৱা পালষ্টিকৰ ২২ টা বাকচৰ পৰা জব্দ কৰা হয় ৩১৮ গ্ৰামকৈ হেৰ’ইন ।