নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ জুলাই : এছবিআই, য়ন’ এপ, ইণ্টাৰনেট বেংকিং আৰু ম’বাইল বেংকিঙৰ জৰিয়তে ফাণ্ড ট্ৰান্সফাৰ কৰিবলৈ আপুনি ভৰিব নালাগে অতিৰিক্ত টকা। কাৰণ এছবিআইৰ বিনামূলীয়া টকাৰ সৈতে জড়িত এই সেৱা এছবিআইয়ে আইএমপিএছ চাৰ্জ সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। ১ আগষ্টৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব ।

ইয়াৰ পূৰ্বে এছবিআইয়ে ১জুলাইৰ পৰা আৰটিজিএছ আৰু এনইএফটিৰ চাৰ্জ শেষ কৰিছিল। এতিয়া আইএমপিএছ চাৰ্জ শেষ হোৱাৰ ফলত এছবিআইৰ একাউণ্ট থকা ব্যক্তিয়ে অনলাইন ফাণ্ড ট্ৰান্সফাৰ কৰিবলৈ কোনো ধৰনৰ মাচুল দিব নালাগে।

বেংকে জনোৱা মতে নিজৰ ব্ৰাঞ্চৰ নেটৱৰ্কৰ মাধ্যমত ট্ৰানজেকশ্যন কৰা গ্ৰাহকে সকলো স্লেবত এনইএফটি আৰু আৰটিজিএছ চাৰ্জ ২০শতাংশলৈ হ্ৰাস কৰিছে। ইয়াৰ লগতে ব্ৰাঞ্চ বেংকিঙৰ জৰিয়তে একহাজাৰ টকালৈকে ফাণ্ড ট্ৰান্সফাৰ কৰিবলৈ আইএমপিএছ চাৰ্জো শেষ কৰা হৈছে ।