গুৱাহাটী, সংবাদ ৩৬৫, ৩০ জুলাই : আৰম্ভ হৈছে ৰাজ্যত ডি জি পিৰ বাচনি প্ৰক্ৰিয়া । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ডি জি পি নিযুক্তি দিব অসম লোকসেৱা আয়োগে । তাৰ বাবে ইতিমধ্যে গৃহ বিভাগে প্ৰস্তুত কৰিছে ৯ জনীয়া পেনেল ।

এই ৯ জনীয়া পেনেলত আছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী, এ কে সিংহা কাশ্যপ, মুকেশ আগৰৱাল, অনিল কুমাৰ ঝাৰ, ভাস্কৰজ্যোতি মহন্ত, চন্দ্ৰ নাথন, কে আৰ সিং দেও, বি কে মিশ্ৰৰ নাম। পাছে এই ৯ জনীয়া পেনেলৰ চাৰি জনৰে আছে অপৰাধজনিত গোচৰ । সেয়েহে হয়তো বাদ পৰিব পাৰে এই চাৰিজনৰ নাম ।

অৱশ্যে মুখ্যমন্ত্ৰীয়ে কাক বাছনি কৰিব সেয়া সময়তহে গম পোৱা যাব ।