গুৱাহাটী, ৫ ছেপ্টেম্বৰঃ অসমীয়া গহনা প্রতিষ্ঠান ডুগডুগীয়ে আগন্তুক শাৰদীয় দুর্গোসৎৱ উপলক্ষে ৫ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অসমীয়া গহনা বিক্ৰীৰ ওপৰত ১০ৰ পৰা ২০ শতাংশ পর্যন্ত ৰেহাইৰ ব্যৱস্থা কৰিছে। ডুগডুগীত নুন্যতম পাঁচ হেজাৰ টকাতকৈ অধিক ক্ৰয়ৰ ক্ষেত্ৰত এই বিশেষ ৰেহাই উপলব্ধ হ’ব। আনহাতে দহ হেজাৰ টকাতকৈ অধিক টকাৰ সামগ্ৰী ক্ৰয় কৰা গ্রাহকক অসমীয়া গহনাৰ আঙঠি, সোতৰ হেজাৰ টকাতকৈ অধিক ক্ৰয় কৰা গ্ৰাহকক আঙঠি আৰু কাণফুলি, পঁচিশ হেজাৰ টকাতকৈ অধিক ক্ৰয় কৰা গ্রাহকক এটা অসমীয়া গহনা ছেট প্রদান কৰিব। এই ৰেহাই গুৱাহাটীৰ চানমাৰী আৰু নগাঁৱৰ ডুগডুগী বিপনীত উপলব্ধ হ’ব৷