কলগাছিয়া, ৫ ছেপ্তেম্বৰঃ বৰপেটাৰ বাংলীপাৰাত নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাজত হোৱা সংঘৰ্ষত এজন ভাতৃয়ে কৰুণ মৃত্যুক সাৱতি লয়৷ প্ৰাপ্ত তথ্য মতে, বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত বাংলীপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি নিশা আব্বাছ আলীৰ পৰিয়ালৰ লোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়৷ দুই ভাতৃৰ কাজিয়াই চূড়ান্ত পৰ্যায়ত উপনীত হোৱাত  দুই ভাতৃ আয়নাল হক আৰু নব্বেচ আলীয়ে আব্বাছ আলীক ডেগাৰেৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে। হত্যাকাণ্ডটো সংঘটিত কৰি দুই ভাতৃ আয়নাল হক আৰু নব্বেচ আলী ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ বৰপেটা আৰক্ষীয়ে দুই ভাতৃৰ সন্ধান অব্যাহত ৰখাৰ লগতে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত মুক্তাৰ আলী নামৰ আন এজন লোক আটক কৰে৷ আনহাতে মৃত আব্বাছ আলীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল হস্পিটেলত ৰখা হৈছে।