গুৱাহাটী, ৫ ছেপ্তেম্বৰঃ অপেছাদাৰী নাট্যগোষ্ঠী সমাহাৰে অহা ৯ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সাতদিনীয়া কাৰ্য্যসূচীৰে একাদশ বার্ষিক ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহখন আয়োজন কৰিছে৷ গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই তথ্য সদৰি কৰি উদযাপন সমিতিৰ সভাপতি ললিত শৰ্মাই কয় যে, একাদশ বৰ্ষত ভৰি দিয়া উক্ত সমাৰোহে অসমৰ এক অন্যতম সাংস্কৃতিক অনুষ্ঠানৰূপে পৰিচিতি লাভ কৰিছে।  নাট্যগোষ্ঠী সমাহাৰে অসমত ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ-পুৰুষ তথা অসমৰ আধুনিক নাট্য যাত্ৰাৰ বাটকটীয়া প্ৰয়াত ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণত ২০০৭ চনৰ পৰা প্ৰতিবছৰে এই নাট সমাৰোহ আয়োজন কৰি আহিছে। ব্ৰজনাথ শৰ্মাই ১৯৩৩ চনত পোন প্রথমে মঞ্চত নাৰী শিল্পীৰ দ্বাৰা অভিনয় কৰোৱাৰ দৰে বলিষ্ঠ পদক্ষেপ লৈ সহ-অভিনয়ৰ সূচনা কৰিছিল। তদুপৰি স্বাধীনতা সংগ্ৰামৰ যুঁজাৰু সৈনিক শর্মাই বৰপেটাৰ বৰনগৰত স্থাপিত ব্ৰিটিছ বিমান ঘাটি, সৰভোগ থানা আৰু ডাকঘৰ আদি জ্বলাই দিছিল৷ নাট সমাৰোহৰ কাৰ্য্যসূচী অনুসৰি ৯ ছেপ্তেম্বৰত বিয়লি ৬ বজাত সমাৰােহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব প্ৰয়াত ব্ৰজনাথ শৰ্মাৰ জীয়ৰী আৰু নাতিনী ক্ৰমে নির্মলা মিশ্র আৰু নীলক্ষি মিশ্র শৰ্মাই। নাট সমাৰােহখনি উদ্বোধন কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ প্রাক্তন সম-উপাচাৰ্য্য তথা অভিনেতা ড° অমৰজ্যোতি চৌধুৰীয়ে৷ আনহাতে স্মৰণিকাখনি উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রফেছৰ এমেৰিটাছ’ ড° খনীন চৌধুৰীয়ে। ইয়াৰ পিছতেই নাট্যম পুৰণিগুদামৰ সৌজন্যত প্রথম নিশাৰ নাট চন ২২০০ মঞ্চস্থ কৰা হ’ব। নাটখনিৰ ৰচনা জয়ন্ত কে বৰাৰ আৰু পৰিচালনা অঞ্জন ভূঞাৰ। নাটখনৰ মূল বিষয় হৈছে ২২০০ চনত যন্ত্ৰই জীৱনৰ কিমান অংশ অধিকাৰ কৰে আৰু ইয়াৰ বিপৰীতে মানৱীয় মূল্যবােধৰ বাবে কিমান ঠাই ৰয়, তাৰেই এক চিত্ৰকল্প৷ ১০ ছেপ্তেম্বৰত বিয়লি ৪-৩০ বজা আৰু সন্ধিয়া ৬-৪৫ বজাত দুটা দর্শনীত সমাহাৰে প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিব তেওঁলোকৰ শেহতীয়া নাটক পিআইএল-৯৯| নাটখনৰ ৰচনা আৰু পৰিচালনা ড° সীতানাথ লহকৰৰ। নাটখনৰ মূল বিষয় হৈছে, পানী টোপালৰ কাৰণে সাধাৰণ লোকে কৰিবলগীয়া হোৱা সংগ্রাম। ১১ ছেপ্তেম্বৰত সন্ধিয়া ৬-৩০ বজা গুৱাহাটীৰ প্রয়াস নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰিব অপসৃয়মান। নাটখনৰ ৰচনা উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ আৰু পৰিচালনা ৰিতুপর্ণ কলিতাৰ। বান বিধ্বস্ত জনতাৰ দুখ দুৰ্দশাৰ ওপৰত শাসকৰ দুৰ্নীতি আৰু জনবিচ্ছিন্ন গণমাধ্যমে কিদৰে সামাজিক জীৱন দুর্বিসহ কৰি তোলে তাৰেই প্ৰতিচ্ছবি। অৱশ্যে গণতান্ত্রিক, সম অধিকাৰৰ পৰিবৰ্ত্তিত সমাজ এখনৰ আশাৰে নাটখন শেষ হৈছে। ১২ ছেপ্তেম্বৰৰ সন্ধিয়া ৬-৩০ বজাত যোৰহাটৰ শব্দ গোষ্ঠীয়ে নিবেদন কৰিব বোধিদ্রতমৰ ছায়া। নাটখনৰ ৰচনা তথা পৰিচালনা উজজুল পাওগামৰ। স্বাধীনতা সংগ্রামকে আদি কৰি বোমা বাৰুদ, জাত-পাতৰ অমানৱিক বিভাজন আদিয়ে সৃষ্টি কৰা অলেখ সংগ্ৰামৰ মুখামুখি হৈও যুক্তি সততাৰ পতাকা উদ্দীন কৰি ৰখাটােৱে নাটখনৰ মূল প্রতিপাদ্য বিষয়। ১৩ ছেপ্তেম্বৰৰ সন্ধিয়া ৬-৩০ বজাত পুনৰ সমাহাৰ নাট্য গোষ্ঠীয়ে নিবেদন কৰিব চার্বক। নাটখনৰ ৰচনা আৰু পৰিচালনা ড° সীতানাথ লহকৰৰ। চার্বক দর্শন আৰু তাৰ বিৰোধিতাই নাটখনিৰ প্ৰতিপাদ্য বিষয়। আত্মা তথা স্বৰ্গ-নৰকৰ অস্তিত্বহীনতা আৰু অস্তিত্বক লৈ সৃষ্টি হােৱা যুক্তি যুদ্ধক উপভোগ্য ৰূপত নাটখনত ডাঙি ধৰা হৈছে। ১৪ ছেপ্তেম্বৰৰ সন্ধিয়া ৬-৩০ বজাত দিল্লীৰ অনৱৰত থিয়েটাৰ গ্ৰুপে মঞ্চস্থ কৰিব তেওঁলোকৰ নাট সৰযু পাৰৰ মনালিচা। নাটকৰ ৰচনা ধনজিত কাকতিৰ আৰু পৰিচালনা ৰিচা তিৱাৰীৰ। উচ্চবৰ্গৰ ধনী শ্রেণীয়ে গাওঁ খনৰ নিম্নবৰ্গৰ শ্ৰমকাৰী দুখীয়াৰ ওপৰত চলোৱা অত্যাচাৰ, বঞ্চনাই নাটখনৰ মূলবিষয়বস্তু৷ যাৰ বলি হৈ ধৰ্ষিতা হয় মনালিচা, খুন হয় মঙ্গলৰ দৰে সৰল সৎ যুৱকৰ। আনহাতে নাটৰ অন্তিম দিনা ১৫ ছেপ্তেম্বৰৰ সন্ধিয়া ৬-৩০ বজাত ত্রিপুৰাৰ উদয়পুৰৰ লিটল ড্রামা গ্রুপে নিবেদন কৰিব অন্তপুৰেৰ লতাৰ কথা। নাটকৰ ৰচনা মলয় ভৌমিক আৰু পৰিচালনা ৰঞ্জিত গোস্বামীৰ। আৱহমান কালৰে পৰা আজি পৰ্যন্ত কৃষকৰ ওপৰত চলি থকা শোষণ নিপীড়ণত বিধ্বস্ত কৃষক সমাজৰ বাস্তৱ চিত্ৰ নাটখনৰ মৰ্মবস্তু। নিপীড়ণৰ বিৰুদ্ধে ঐক্যবদ্ধ প্রতিবাদৰ প্ৰতিশ্রুতি নাটকখনৰ বলিষ্ঠ বক্তব্য। উল্লেখ যে, একাদশ বার্ষিক ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহৰ প্রত্যেক দর্শনীৰ পিছতে দর্শক, নাটৰচক আৰু পৰিচালকৰ মাজত এক মত বিনিময় অনুষ্ঠিত হ’ব।