গুৱাহাটী : গুৱাহাটীৰ ছয়মাইলৰ দাৰন্ধাবাসীয়ে দাৰন্ধা ২ নং মছজিদত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰে। ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ অংশ হিচাপে আৰু আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি অহা মছজিদ কমিটিয়ে মছজিদ চৌহদত তিৰংগা পতাকা উত্তোলন কৰে। অঞ্চলটোৰ স্থানীয় নাগৰিকে এই আদৰণীয় কৰ্মৰ শলাগ লয় আৰু অনুষ্ঠানত দাৰন্ধা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে যোগদান কৰে।

স্বাধীনতা দিৱস উদযাপন উপলক্ষে ভাষণ দি মছজিদ পৰিচালনা সমিতিৰ সম্পাদক আকবৰ আলী ৰহমানে কয় “আজি আমাৰ মছজিদ চৌহদত তিৰংগা উত্তোলন কৰি আমি গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছোঁ। স্থানীয় ৰাইজো ওলাই আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আমাৰ মছজিদত জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। স্বাধীনতা আন্দোলনৰ বাবে সকলো সম্প্ৰদায়ৰ সংগ্ৰামীসকলৰ অসীম ত্যাগক আজি স্মৰণ কৰিছোঁ।”

“আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৰ ঘৰ তিৰংগা অভিযানৰ শলাগ লৈ আজি পুৱা ৮ বজাত আমি আমাৰ মছজিদ চৌহদত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলোঁ। যিহেতু ই এক গৌৰৱৰ মুহূৰ্ত, সেয়ে সকলোৱে স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰে।” অঞ্চলটোৰ বিশিষ্ট নাগৰিক হাজী কাশেম আলীয়ে এইদৰে উল্লেখ কৰে। উল্লেখ্য যে স্বাধীনতা দিৱস উপলক্ষে মছজিদ চৌহদত দ্বাৰন্ধা অঞ্চলৰ ৰাইজে এইবাৰ প্ৰথমবাৰৰ বাবে তিৰংগা উত্তোলন কৰে।