নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ জুলাই : ৰাজ্যৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী । নদীৰ বাঢ়নী পানীয়ে যেন ধ্বংসৰ যজ্ঞ পাতিছে । ৰাজ্যৰ এই বিভীষিকাময় বান পৰিস্থিতিৰ মাজতেই বৰঝাৰস্থিত গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত আগন্তুক এসপ্তাহৰ বতৰৰ আগলি বতৰাই বান পৰিস্থিতি আৰু ভয়াবহ কৰি তোলাৰ ইংগিত দিছে ।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক এসপ্তাহ ধৰি অব্যাহত থাকিব বৰষুণ । সমগ্ৰ অসমতে কম-বেছি পৰিমাণে হ’ব বৰষুণ । ১৮ জুলাইৰ পাছতহে বৰষুণ স্বাভাৱিক হোৱাৰ সম্ভাৱনা । বতৰ বিজ্ঞানৰ এই জাননীয়ে জনসাধাৰণক পুনৰ শংকিত কৰি তুলিছে । কাৰণ নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত হোৱা বানে অধিক সংহাৰী ৰূপ ধাৰণ কৰিছে। বৰ্তমান ৰাজ্যৰ ১৭খনকৈ জিলাৰ ৪ লক্ষাধিক লোক ককবকাইছে পানীৰ তলত।

অৱশ্যে বান পৰিস্থিতিৰ সন্দৰ্ভত বিভাগীয় জিলা উপায়ুক্ত আৰু বিষয়াসকলৰ সৈতে অসম চৰকাৰে আলোচনা কৰি থকাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সকলো বিভাগক নিৰ্দেশ দিছে।