জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথবাসীৰ বাবে ভাল খবৰ। ১ অক্টোবৰৰ পৰা বিশ্বনাথত পুনৰ চলিব ইলেকট্ৰিক বাছ। ষ্টেচনৰ আন্তঃগাথঁনিৰ পুনৰ নিৰ্মাণ কৰি ইলেক্ট্রিক বাছ দুখন পুনৰ চলাচল কৰাৰ কথা বৃহস্পতিবাৰে জানিবলৈ দিয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ই।

ৰাজহুৱা ধন অপচয়ৰ ক্ষেত্ৰত এইবাৰ অভিলেখ গঢ়িবলৈ আগবাঢ়িছিল অসম ৰাজ্যিক পৰিবহণ নিগম। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত বিশ্বনাথত ১ কোটি ৭৮ লাখ টকা ব্যয় সাপেক্ষে চলিত বছৰৰ ২৫ জানুৱাৰীত উদ্বোধন কৰাৰ পিছতে অচল হৈ পৰিছিল ইলেক্ট্ৰিক বাছ সেৱা। কেৱল এয়াই নহয়, বছৰ পূৰ নৌহওঁতেই ডেৰ কোটি টকাৰ অধিক ধন ব্যয়েৰে ক্ৰয় কৰা দুখনকৈ বৈদ্যুতিক বাছ চার্জিঙৰ অভাৱত মকৰা জালৰ কবলত পৰিছে।

বিশ্বনাথৰ ফলফলিত স্থাপন কৰা বৈদ্যুতিক যান-বাহন চার্জিঙ ষ্টেচনটোৰ পৰা ২ খনকৈ বাছ চলাচলৰ ব্যৱস্থা চল হৈ পৰিছিল।
বাছ দুটা চল হৈ থকাৰ বাতৰি সম্প্ৰচাৰ হোৱা পিছতে চার্জিঙ ষ্টেচনটোত বৃহস্পতিবাৰে উপস্থিত হয় অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়। ইতিমধ্যে ষ্টেচনৰ আন্তঃগাথঁনিৰ ক্ষয়ক্ষতি বুজ লৈ পুণৰ নিৰ্মাণৰ কাম নিৰ্দেশ দিয়া লগতে ১ অক্টোবৰৰ পৰা ইলেক্ট্রিক বাছ দুখন চলিব বুলি জানিবলৈ দিয়ে অধ্যক্ষ গৰাকীয়ে।