আজিজ আলী

মুকালমুৱা : মুকালমুৱাত পথ দুর্ঘটনা। টেম্পো ভেনৰ সৈতে চাইকেলৰ মুখামুখি সংঘৰ্ষ। টেম্পো ভেনখনত আছিল ২০ জনকৈ যাত্ৰী। নাওঁ খেল চাই উভতি যোৱাৰ পথত দুর্ঘটনাত পতিত হয় টেম্পো ভেনখন।

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত কাৱৈমাৰিত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। টেম্পো ভেনৰ সৈতে এখন চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এই পথ দুর্ঘটনা সংঘটিত হয়।চাইকেলখনক খুন্দা মাৰি টেম্পো ভেনখন ৰাস্তাৰ কাষত থকা দ খাৱৈত বাগৰি পৰে।

মুকালমুৱাৰ পৰা নাওঁ খেল প্ৰতিযোগিতা চাই ঘৰলৈ উভতি গৈ আছিল টেম্পো ভেনখনত ২০ জনকৈ লোক। টেম্পো ভেন আৰু চাইকেলত মুখমুখি সংঘর্ষত চাইকেল আৰোহীজনৰ লগতে বহু কেইজন লোক আহত হৈছে।

পথ দুৰ্ঘটনাত আহত হোৱা লোক সকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আবুল হুছেইন, মন্তুৰাম কৈৱৰ্ত, আব্দুৰ ৰহমান, নুৰুল আলী আমীন, আৰছাদ আলী আৰু এজন অচিনাক্ত লোক অহাত হৈছে এই পথ দুর্ঘটনাত।