গুৱাহাটী : দৰং জিলাৰ গৰুখুটীতৰ উচ্ছেদৰ বিৰুদ্ধে মন্তব্য দিবলৈ গৈ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে ঐতিহাসিক অসম আন্দোলন আৰু ইয়াৰ শ্বহীদ সকলক উদ্দেশ্যি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে নিজকে সংখ্যালঘু মুছলমানৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰিবলৈ গৈ বিধায়ক শ্বেৰমান আলীয়ে সংবাদ মাধ্যমৰ আগত যি বক্তব্য আগবঢ়াইছে ই অতি সাম্প্ৰদায়িক আৰু ভংয়কৰেই নহয় অসমীয়া জাতিবিদ্বেষী মনোভাৱৰ বহি:প্ৰকাশ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

এক বিবৃতিত সংগঠনটোৰ সভাপতি ৰাজু বৰা, কাৰ্যকৰী সভাপতি মুকুট ডেকা আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শ‌ইকীয়াই কয় য়ে শেহতীয়াকৈ ছিপাঝাৰ সমষ্টিৰ ধলপুৰত চৰকাৰৰ উদ্যোগত অবৈধ বেদখলকাৰী বুলি অভিবাসী মুছলমানৰ ওপৰত অন্যায়ভাৱে চলোৱা অমানৱীয় উচ্ছেদ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিৰোধিতা কৰি আহিছে। বিভিন্ন প্ৰগতিশীল গণতান্ত্ৰিক ব্যক্তিয়ে এই উচ্ছেদৰ ধৰণৰটোক বিৰোধিতা কৰিছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনোবা জনপ্ৰতিনিধী ৰূপী মুছলমান মৌলবাদীয়ে ইয়াৰ আলম লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ সুযোগ লব। বিধায়ক শ্বেৰমান আলীয়ে অসম আন্দোলনত মৃত্যু হোৱা শ্বহীদ সকলক হত্যাকাৰী অথবা ঘাতকৰূপে প্ৰতিষ্ঠা কৰিবলৈ গৈ দিয়া ব্যক্তব্য উচতনিমূলক, উগ্ৰ সাম্প্ৰদায়িক আৰু মৌলবাদী ধ্যান ধাৰণাৰে পূৰ্ণ।

আমি লক্ষ্য কৰিছোঁ যে গৰুখুঁটীৰ উচ্ছেদৰ ঘটনাকলৈ এফালে এআইইউডিএফ আৰু আনফালে বিজেপিয়ে উগ্ৰ আৰু ভয়াবহ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে। যিটো কেতিয়াও গ্ৰহণযোগ্য নহয়। ই অসমৰ সমাজ জীৱন আৰু জাতি গঠন প্ৰক্ৰিয়াক ধংস কৰি পেলাব বুলিও সংগঠনটোৱে বিবৃতিত প্ৰকাশ কৰে। বিধায়ক শ্বেৰমান আলীয়ে নিকৃষ্ট ৰাজনীতিৰ সকলো সীমা চেৰাই গৈ অসম আন্দোলনৰ শ্বহীদকো চূড়ান্ত অপমান কৰিবলৈ সাহস কৰিলে। এই ধৃষ্টতা কৃষক মুক্তিয়ে কেতিয়া সহ্য নকৰে। আমি সকলো সাম্প্ৰদায়িক আৰু ৰাষ্ট্রীয়তাবাদী শক্তিক সকীয়াই দিওঁ যে ৮৫৫ জন শ্বহীদৰ তেজৰ ৰক্তৰে ৰঞ্জিত অসমৰ অস্তিত্ব ৰক্ষা, অবৈধ বিদেশী আৰু দিল্লীৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে গঢ়ি উঠা ঐতিহাসিক অসম আন্দোলনক কোনো প্ৰকৃত অসমীয়াই অস্বীকাৰ কৰিব নোৱাৰে।

ভবিষ্যতলৈ যাতে কোনো সাম্প্ৰদায়িক দল তথা ব্যক্তি আৰু ৰাষ্ট্ৰীয় শক্তি সমূহে অসমবাসীৰ জাতীয় আবেগক উপলুঙা কৰা অথবা আঙুলি উঠাবলৈ সাহস নকৰে তাৰবাবে শ্বেৰমান আলীৰ দৰে নিকৃষ্ট ব্যক্তি আৰু ৰাজনৈতিক শক্তিসমূহৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি থিয় দিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনায়। শীঘ্ৰেই বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ বাবেই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনায়।