বৰপেটা : হাতীৰ দুটা দাঁতসহ হাতী দাঁতৰ চাৰি চোৰাং ব্যৱসায়ী আটক। হাউলীত দুটা হাতী দাঁতসহ হাতী দাঁতৰ চাৰিজন চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ওদালগুৰিৰ পৰা হাতীৰ দাঁত দুটা লৈ বৰপেটা ৰোড অভিমুখে আহি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে হাতী দাঁতৰ চোৰাং ব্যৱসায়ী কেইজন।

বৰপেটা জিলাৰ হাউলী আৰু বৰপেটা ৰোড আৰক্ষীয়ে যৌথ অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত হাউলী আৰু বৰপেটা ৰোড আৰক্ষীয়ে অভিযান চলাই হাতীৰ দুটা দাঁতসহ হাতী দাঁতৰ চাৰি চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে। মাদুলীঝাৰৰ পৰা হাতীৰ দুটা দাঁত জব্দ কৰাৰ লগতে চাৰিজন হাতীৰ দাঁতৰ চোৰাং ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰিছে।

হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল বৰা আৰু বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত বিয়লিৰ ভাগত চলা অভিযানত হাতী দাঁত দুটা আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে এখন চাৰিচকীয়া বাহনৰ তালাচী চলাই বাহনখনৰ বাম্পাৰত বান্ধি থোৱা অৱস্থাত হাতীৰ দাঁত দুটা জব্দ কৰে। বাহনখন ওদালগুৰি পৰা বৰপেটা ৰোড অভিমুখে আহি আছিল।