হাটশিঙিমাৰী : চৰকাৰৰ বিৰুদ্ধে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ডিজিটেল প্ৰতিবাদ। হাটশিঙিমাৰীত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘোষণা কৰিলে। বৃহস্পতিবাৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব এই ডিজিটেল প্ৰতিবাদ।

৪০ হেজাৰ শিক্ষকৰ ৩০ মাহৰ মৰগীয়া বানচ আদায়ৰ দাবীত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে চৰকাৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে ডিজিটেল প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিলে। দুপৰীয়া ১২.১৫ বজাত বিৰতিৰ সময়ত শিক্ষকৰ সমস্যা সমাধানৰ দাবীত বিভিন্ন শ্ল’গান লিখা প্লেকাৰ্ড হাতত লৈ ফটো তুলি ফেচবুকত আপলোড কৰি প্ৰতিবাদ সাব্যস্ত কৰিব শিক্ষক সকলে।

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিয়ে হাটশিঙিমাৰী প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি ডিজিটেল প্ৰতিবাদৰ বিষয়ে জানিবলৈ দিয়ে। সংবাদমেলত জিলা সমিতিৰ সম্পাদক টিকেন্দ্ৰ ডেকা আৰু কেন্দ্ৰীয় সমিতিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দীপক ৰাজবংশীয়ে টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বিভিন্ন সমস্যা দাঙি ধৰি সমস্যা সমাধানৰ দাবী জনায়।

অসমত প্ৰায় ৪০ হেজাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বিগত প্ৰায় ৩০ মাহ ধৰি বৰ্দ্ধিত মৰগীয়া বানচৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোকৰ উক্ত মৰগীয়া বানচ চলিত মাহৰ ডিচেম্বৰ মাহৰ ভিতৰৰ আদায় দিয়াৰ দাবী তোলে দক্ষিণ শালমাৰা-মানকাচৰ জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজে। এই মাহৰ ভিতৰত এই ৩০ মাহৰ বানচ আদায় নিদিলে জানুৱাৰী মাহত গণতান্ত্ৰিকভাৱে ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জিলা প্ৰাথমিক টেট উত্তীণ শিক্ষক সমাজে।

আনহাতে শিক্ষক সকলৰ সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে দিনৰ ১২.১৫ বজাত বিদ্যালয় বিৰতিৰ সময়ত অসমৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বিভিন্ন শ্ল’গান লিখা প্লেকাৰ্ড হাতত লৈ ফটো উঠিব। এই ফটো সমূহ ফেচবুকত আপলোড কৰি শিক্ষা মন্ত্ৰী, মুখ্যমন্ত্ৰী তথা চৰকাৰক টেগ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ডিজিটেল প্ৰতিবাদ সাব্যস্ত কৰিব বুলি এই সংবাদমেলত টেট উত্তীৰ্ণ শিক্ষক সমাজে মন্তব্য কৰে।