লাহৰীঘাট : কন্যা শিশুক যৌন নিৰ্যাতনৰ অভিযুক্ত ৰাজনীকান্ত দৈমাৰী গুলীবিদ্ধ। আৰক্ষীৰ গুলী লাগিছে ৰজনীকান্ত দৈমাৰীৰ ভৰিত। চাৰি গৰাকী কন্যা শিশুক যৌন নিৰ্যাতন চলাইছিল লম্পট ৰজনীকান্ত দৈমাৰীয়ে। তিনি গৰাকী কন্যা শিশু চিনাক্ত হৈছে যদিও চতুৰ্থ গৰাকী কন্যা শিশু এতিয়াও চিনাক্ত হোৱা নাই।

মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ গুলীত আহত হৈছে এজন কন্যা শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযুক্ত। বুধবাৰে নিশা লাহৰীঘাট আৰক্ষীৰ কবলৰত পৰা পলায়নৰ চেষ্টা চলাওঁতে লাহৰীঘাট আৰক্ষীয়ে কন্যা শিশু নিৰ্যাতনকাৰী ৰজনীকান্ত দৈমাৰীক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলী ভৰিত লগাত গুৰুত্বৰভাৱে আহত হৈছে ৰজনীকান্ত দৈমাৰী।

ৰজনীকান্ত দৈমাৰী লাহৰীঘাটৰ জেঙৰবড়ী গাঁৱৰ তিনি গৰাকী কন্যা শিশুক যৌন নিৰ্যাতন চলাই পলাতক অৱস্থাত আছিল। লাহৰীঘাট আৰক্ষীয়ে বুধবাৰে এক অভিযান চলাই ৰজনীকান্ত দৈমাৰীক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ জেৰাত ৰজনীকান্ত দৈমাৰীয়ে চাৰি গৰাকী কন্যা শিশুক যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰে।

নিশা আৰক্ষীয়ে ৰজনীকান্ত দৈমাৰীক লগত লৈ চতুৰ্থ গৰাকী নিৰ্যাতিত কন্যা শিশু সম্পৰ্কে তদন্ত চলাবলৈ যাওঁতে ৰজনীকান্ত দৈমাৰী আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায়। আৰক্ষীয়ে ৰজনীকান্ত দৈমাৰীৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰাত গুৰুত্বৰভাৱে আহত হয় ৰজনীকান্ত দৈমাৰী।

আৰক্ষীয়ে আহত ৰজনীকান্ত দৈমাৰীক আটক কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। পৰৱৰ্তী সময়ত ৰজনীকান্ত দৌমাৰীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।