নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ অভিলেখ গঢ়িলে আন্তঃৰাষ্ট্ৰীয় সন্তৰবিদ এলভিছ আলি হাজৰিকাই । আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ মেক্সিকোলৈ মুঠ ৪০ কিলোমিটাৰ যোৰা এক সাঁতোৰ সম্পন্ন কৰে সন্তৰবিদ গৰাকীয়ে ।

১৫ আগষ্টত এই যাত্ৰা আৰম্ভ কৰিছিল সন্তৰবিদগৰাকীয়ে । চাৰ্ক আৰু ডলফিন থকা কাটালেনা চেনেলৰ পৰা আৰম্ভ কৰিছিল এই যাত্ৰা। অভি-নীলৰ নামত উচৰ্গা কৰিবলৈ যোৱা বছৰৰে পৰা সপোন আছিল এলভিছৰ । সেয়ে নিহত অভি-নীলৰ সোঁৱৰণতে এই অভিযান এলভিছ আলী হাজৰিকাৰ ।

উল্লেখযোগ্য যে ৪০ কিলোমিটাৰ যোৰা দূৰত্বৰ এই সাঁতোৰ যাত্ৰা মুঠ ১০ ঘন্টা ৫৯ মিনিটত সম্পন্ন কৰি অভিলেখৰ সৃষ্টি কৰে । এই যাত্ৰাত এলভিছ আলী হাজৰিকাৰ সৈতে যাত্রা আৰম্ভ কৰিছিল প্ৰাক্তন আন্তৰ্জাতিক সাঁতোৰবিদ ৰিমু সাহাই ।