গুৱাহাটী, সংবাদ ৩৬৫, ১৭ আগষ্ট : পুনৰ আৰম্ভ হ’ল ভ্ৰাম্যমানৰ নাট্যযাত্ৰা । ২০১৯-২০ বৰ্ষৰ বাবে এতিয়া সাজু হৈছে ভ্ৰাম্যমান থিয়েটাৰ দল । শনিবাৰে ২০১৯-২০ বৰ্ষটোৰ বাবে সাজু হ’ল ইতিহাস থিয়েটাৰ । যোৱানিশা আনুস্থানিকভাৱে বৰ্ষটোৰ বাবে নাট্যযাত্ৰাৰ শুভাৰম্ভণি ঘটিল ইতিহাস থিয়টাৰৰ ।

দক্ষিণ কামৰূপৰ মিৰ্জাত প্ৰথমখন থিয়েটাৰৰ পেণ্ডেলত নাট্যৰাম্ভ ঘটে ইতিহাস থিয়টাৰৰ । আনুস্থানিক শুভাৰম্ভণি অনুস্থানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়াই তাৰপিছতে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে মঞ্চৰ ফিটা কাটি আনুষ্ঠানিক মঞ্চ মুকলি কৰে ।

অনুষ্ঠানত ৰাজবংশীয়ে অসমৰ এই ভ্ৰাম্যমান জগতখন জীয়াই ৰখাৰ স্বাৰ্থত অসম সাহিত্য সভাই অসম চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হৈ এক বিশেষ আচনিৰ কথা চিন্তা চৰ্চা কৰা বুলি জনায় ।

ইতিহাস থিয়েটাৰে এইবাৰ অভিজিত ভট্টাচাৰ্যৰ ‘তেজে ধোৱা মানুহ’, চম্পক শৰ্মাৰ ‘দানৱ’ আৰু ধ্ৰুৱ শৰ্মাৰ ‘এই মোৰ শেষ গান’ নামৰ ৩ খন নাট অসমবাসী ৰাইজক উপহাৰ দিব । প্ৰথমটো পেণ্ডেলৰ প্ৰথমটো দৰ্শনীতে ৰাইজৰ সহাঁৰি দেখি অভিভূত হৈ পৰে অভিনেতা-অভিনেত্ৰীসকল ।

এইবৰ্ষৰ নাটত অভিনয় কৰিছে চম্পক শৰ্মা,অংকিতা শইকীয়া,ননী দেৱী,অঞ্জলী চেত্ৰী,জেফ্ৰী বক্সী,দুলাল শৰ্মাকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী ।